গুৱাহাটী, ২১ জুন :আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱী অৰ্থাৎ মা ধৰিত্ৰী ঋতুমতী হয় । এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী (Ambubasi) উৎসৱ পালন কৰে । ইয়াৰ ভিতৰত মহানগৰীৰ ঐতিহ্যমণ্ডিত কামাখ্যা দেৱালয় (Kamakahya Temple) অন্যতম ।
ওপৰত উল্লেখ কৰা তিথি-ক্ষণ অনুসৰি মঙলবাৰৰ পৰা আৰম্ভ হ’ব অম্বুবাচী (Ambubasi)ৰ প্ৰবৃত্তি । অৱশ্যে ক’ভিড (Covid-19) পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৱাবাৰৰ দৰে এইবেলিও কামাখ্যা মন্দিৰ (Kamakahya Temple)ত ভক্তৰ সমাগম নিষেধ কৰা হৈছে । অৱশ্যে ভক্তৰ সমাগম বন্ধ হ’লেও কামাখ্যাত ক’ভিড প্ৰট’কল (Covid Protocol)ৰ মাজেৰে উদযাপন হ’ব অম্বুবাচী (Ambubasi)।