অসম

assam

মহানগৰীৰ অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলক কন্টেইনমেন্ট জ'ন ঘোষণা

By

Published : Jan 21, 2022, 9:30 PM IST

গুৱাহাটীত ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে (Covid cases worrying rise in Guwahati)। ভোগালী বিহুৰ পিছতে মঙ্গলবাৰে গুৱাহাটীৰ গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক কামৰূপ মহানগৰ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ পিছতে শুক্ৰবাৰে মালিগাঁৱত থকা অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলখনকো কামৰূপ মহানগৰ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে (Ambikagiri girls HS School declared containment zone) ৷

মহানগৰীৰ অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলক কন্টেইনমেন্ট জ'ন ঘোষণা
মহানগৰীৰ অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলক কন্টেইনমেন্ট জ'ন ঘোষণা

গুৱাহাটী, 21 জানুৱাৰী: গুৱাহাটীত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Covid cases worrying rise in Guwahati)। ভোগালী বিহুৰ পিছতে মঙ্গলবাৰে গুৱাহাটীৰ গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক কামৰূপ মহানগৰ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ পিছতে শুক্ৰবাৰে মালিগাঁৱত থকা অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলখন কামৰূপ মহানগৰ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে (Ambikagiri girls HS School declared containment zone) ৷

গুৱাহাটীত ক’ভিড দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগে লগে স্কুলবোৰত ক’ভিডৰ ব্যাপক সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে । যাৰ বাবে মহানগৰী এখনৰ পিছত আনখন স্কুল কামৰূপ মহানগৰ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিবলৈ বাধ্য হৈছে । কামৰূপ মহানগৰ জিলা উপায়ুক্তই এই কথা জনায় কয় যে, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মালিগাঁৱত থকা অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলত শেহতীয়াভাৱে ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল । কোভিড পৰীক্ষাৰ পিছত অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুল কেবাগৰাকীও শিক্ষক আৰু ছাত্ৰী ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰাৰ পিছত কামৰূপ মহানগৰ জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলত ক’ভিড পৰীক্ষা কৰাৰ পিছত ১১ গৰাকী ছাত্ৰী(11 students test Covid positive) আৰু ৩ গৰাকী শিক্ষকসহ মুঠ ১৪ গৰাকী ক’ভিড আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰে । অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বৰ্তমান সকলো অফলাইন পাঠদান বন্ধ ৰখা হৈছে । অহা ২৭ জানুৱাৰীলৈ অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলখন বন্ধ ৰখা হৈছে ।

উল্লেখ্য যে শেহতীয়াভাৱে মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে । শুক্ৰবাৰৰ দিনটোত ৰাজ্য তথা গুৱাহাটীত ক’ভিড আক্ৰান্তৰ সংখ্যা ভয়াবহ ৰূপত বৃদ্ধি পাইছে । দৈনিক দুগুন হাৰত আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰিছে । স্বাস্থ্য বিভাগৰ শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৭,৯২৯ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১,৭১৬ গৰাকী লোক গুৱাহাটী মহানগৰীৰ। আক্ৰান্তৰ হাৰ ১২.৯২ শতাংশ ।

ABOUT THE AUTHOR

...view details