গুৱাহাটী,১১ মে': তেৰগৰাকী কেবিনেট মন্ত্ৰীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাই সোমবাৰে শপত লোৱাৰ পাছতে চৰ্চালৈ আহিছিল কোনে কি দপ্তৰ লাভ কৰিব । তাৰ মাজতে সামাজিক মাধ্যমকে ধৰি বিভিন্ন মহলত দপ্তৰ বিতৰণৰ তালিকাক লৈ বিশেষভাৱে চৰ্চা হৈছিল । শেহতীয়াকৈ লাভ কৰা তথ্য মতে ঘোষণা কৰা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ লাভ কৰা মন্ত্ৰীৰ চূড়ান্ত তালিকা । সেই অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব গৃহ, কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু বিতৰণ নকৰা অন্যান্য বিভাগ ।
মন্ত্ৰীসভাৰ চূড়ান্ত তালিকা অনুসৰি:
- ৰণজিৎ দাস: খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কনজিউমাৰ এফেয়াৰ্ছ ।
- অতুল বৰা: কৃষি, উদ্যান শস্য, পশুপালন, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন দপ্তৰ
- ইউ জি ব্ৰহ্ম: ভৈয়াম জনজাতি উন্নয়ন (বিটিচি), হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ
- পৰিমল শুক্লবৈদ্য: বন আৰু পৰিৱেশ, আবকাৰী, মীন পালন
- চন্দ্ৰমোহন পাটোৱাৰী: পৰিবহণ, উদ্যোগ-বাণিজ্য, দক্ষতা বিকাশ, সংখ্যালঘু কল্যাণ
- কেশৱ মহন্ত: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি
- ডাঃ ৰণোজ পেগু: শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন (বিটিচিৰ বাহিৰৰ)
- সঞ্জয় কিষাণ: শ্ৰম উন্নয়ন, চাহ জনজাতি উন্নয়ন
- যোগেন মহন: ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ সম্পদ
- অজন্তা নেওগ: সমাজ কল্যাণ আৰু বিত্ত বিভাগ
- অশোকানন্দ সিংঘল: গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগ
- পীযুষ হাজৰিকা: জলসম্পদ, তথ্য আৰু জন সংযোগ, সংসদীয় পৰিক্ৰমা
- বিমল বৰা: ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্য্যটন