অসম

assam

By

Published : Dec 23, 2021, 7:22 PM IST

ETV Bharat / city

Guwahati Refinery Recruitment: গুৱাহাটী শোধনাগাৰত শ্ৰমিক নিযুক্তিৰ নামত ছিণ্ডিকেটৰাজৰ অভিযোগ

গুৱাহাটী শোধনাগাৰত শ্ৰমিকৰ ছিণ্ডিকেটৰাজৰ অভিযোগ (Allegation against Guwahati refinery) ৷ থলুৱাক বঞ্চিত কৰি বাহিৰাগতক বৰপীৰা পাৰি দিয়াৰ অভিযোগত ঠিকাদাৰী শ্ৰমিক ইউনিয়নৰ নেতৃবৃন্দই বৃহস্পতিবাৰে সম্বোধন কৰে সংবাদমেল ৷

Guwahati Refinery
গুৱাহাটী শোধনাগাৰত শ্ৰমিক নিযুক্তিৰ নামত ছিণ্ডিকেটৰাজৰ অভিযোগ

গুৱাহাটী, ২৩ ডিচেম্বৰ : গুৱাহাটী শোধনাগাৰত শ্ৰমিকৰ ছিণ্ডিকেটৰাজৰ অভিযোগ উত্থাপন হৈছে (Allegation against Guwahati refinery)। একমাত্ৰ কমিচনৰ অংকত থলুৱাক বঞ্চিত কৰি বাহিৰাগতক বৰপীৰা পাৰি দিছে গুৱাহাটী শোধনাগাৰৰ একাংশ বিষয়াই । এই গুৰুতৰ অভিযোগ গুৱাহাটী শোধনাগাৰৰ শ্ৰমিকৰ অধিকাৰৰ হকে সততে মাত মাতি অহা শ্ৰমিক সংগঠন, ঠিকাদাৰী শ্ৰমিক ইউনিয়ন(Thikadari Shramik Union)ৰ নেতৃবৃন্দৰ ।

বৃহস্পতিবাৰে মহানগৰীৰ নুনমাটিস্থিত শ্ৰমিক সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলযোগে শ্ৰমিক সংগঠনটোৰ কাৰ্যকৰী সভাপতি পংকজ কলিতা আৰু সাংগঠনিক সম্পাদক প্ৰদীপ কলিতাই কয় যে, থলুৱা নিযুক্তিৰ ক্ষেত্ৰত গুণ্ডাগিৰী আৰু দাদাগিৰী চলাইছে শোধনাগাৰ কৰ্তৃপক্ষই । থলুৱাক নিযুক্তিৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ ৰহস্যজনক নীৰৱতা আৰু বহিৰাগত একাংশ ঠিকাদাৰৰ মইমতালিৰ বাবে অসম আন্দোলনৰ অন্যতম ফচল অসমৰ ঐতিহ্যমণ্ডিত উদ্যোগটোত একপ্ৰকাৰ বন্ধ হৈ পৰিছে থলুৱা শ্ৰমিকৰ নিযুক্তি পক্ৰিয়া ।

গুৱাহাটী শোধনাগাৰত শ্ৰমিক নিযুক্তিৰ নামত ছিণ্ডিকেটৰাজৰ অভিযোগ

তেওঁলোকে কয় যে, এক দীঘলীয়া সংগ্ৰামৰ মাজেৰে অসমৰ থলুৱা, খিলঞ্জীয়া ৰাইজে গুৱাহাটী শোধনাগাৰ লাভ কৰিছিল, কিন্তু কমিচনৰ অংকত শোধনাগাৰ কৰ্তৃপক্ষৰ একাংশ ঘোচখোৰ বিষয়াই বহিৰাগত শ্ৰমিকক নিয়োগ কৰা বাবে আজি ঠিকাদাৰ, অস্থায়ী শ্ৰমিকৰূপেও থলুৱা লোক একোজনে শোধনাগাৰটোত নিযুক্তি লাভ কৰাটো জটিল হৈ পৰিছে ৷ ঠিকাদাৰ আৰু কোম্পানীসমূহে নিম্ন মজুৰীত বিহাৰ, উত্তৰ প্ৰদেশ, অন্দ্ৰপ্ৰদেশ, ৰাজস্থান, কেৰেলা, হাৰিয়ানা আদিকে ধৰি কেইবাখনো ৰাজ্যৰ শ্ৰমিকক নিযুক্তি দিয়াৰ প্ৰতিহে আগ্ৰহী বুলি উল্লেখ কৰি সংবাদমেলযোগে শ্ৰমিক নেতা দুগৰাকীয়ে কয় যে, ঠিকাভিত্তিক শ্ৰমিকৰ বাবে মজুৰী হিচাপে শোধনাগাৰ কৰ্তৃপক্ষই এক নিৰিখ ধার্য কৰি দিয়ে যদিও সেই নিখিতকৈ বহু কম নিৰিখত ঠিকাদাৰ আৰু কোম্পানীসমূহে শ্ৰমিকসকলক কামত খটুৱাই আহিছে । অথচ এই বিষয়ে শ্ৰমিক সংগঠনটোৱে কেইবাবাৰো শোধনাগাৰ কৰ্তৃপক্ষক অৱগত কৰিছে যদিও আজিলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল ।

আনকি বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে যদিও আজিলৈকে শ্ৰমিকৰ কর্মসুৰক্ষা প্ৰদান নকৰাত আক্ষেপ প্ৰকাশ কৰে । থলুৱাক নিযুক্তিৰ ক্ষেত্ৰত শোধনাগাৰ কৰ্তৃপক্ষই শেহতীয়াভাৱে গ্ৰহণ কৰা খিলঞ্জীয়াবিৰোধী নীতি সলনি নকৰিলে অনাগত দিনত ভয়াবহ আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হব বুলি সকীয়াই দিয়ে সংগঠনটোৰ নেতৃবৃন্দই । বৃহস্পতিবাৰৰ এই সংবাদমেলত শ্ৰমিক সংগঠনটোৰ সাধাৰণ সম্পাদক উজ্জ্বল দত্ত, উপ-সভাপতি জগদীশ হাজৰিকাৰ লগতে সন্থাৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:কেন্দ্ৰৰ বিৰুদ্ধে পুনৰ আন্দোলনত নামিব কংগ্ৰেছ

ABOUT THE AUTHOR

...view details