অসম

assam

ETV Bharat / city

অসম চৰকাৰৰ চাকৰিৰ নিযুক্তিত ধন দাবীৰ অভিযোগ - Internet ban during exam hour

অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ (Allegation of demanding money for ADRE) ৷ ফোনযোগে 3 ৰ পৰা 8 লাখ টকা পৰ্যন্ত দাবী কৰাৰ অভিযোগ এজন যুৱকৰ ৷

ADRE exam in Assam
ADRE exam in Assam

By

Published : Sep 8, 2022, 6:39 PM IST

Updated : Sep 8, 2022, 10:00 PM IST

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰে তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষা এটা পৰ্যায় বাকী থকাৰ সময়তেই এটা টুইটে লগাইছে হাহাকাৰ ৷ চাকৰিৰ নামত ধন বিচৰাৰ অভিযোগ তুলি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানলৈ টুইট এজন যুৱকৰ(Allegation of demanding money for ADRE) ৷

টুইটটোত যুৱকজনে লিখে যে, এটা ল’বীয়ে শেহতীয়াকৈ অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীক পিচ দুৱাৰেদি চাকৰি দিয়াৰ নামত ধন দাবী কৰি আছে ৷ পদ অনুসৰি ফোনযোগে 3 ৰ পৰা 8 লাখ টকা পৰ্যন্ত দাবী কৰিছে ল’বীটোৱে ৷ এই কাণ্ডত কেইজনমান প্ৰাক্তন বিধায়কো জড়িত হৈ আছে ৷

যুৱকজনে টুইটটোত অসমৰ ডিজিপি, মুখ্যমন্ত্ৰী আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে উল্লেখ কৰিছে (ADRE exam in Assam) ৷

এই খিনিতে উল্লেখ কৰিব লাগিব যে, 21 আগষ্ট, 28 আগষ্ট আৰু 11 ছেপ্টেম্বৰত আয়োজন কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ দুটা পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে (Assam recruitment exam 2022) ৷ অহা 11 ছেপ্টেম্বৰত তৃতীয়টো পৰীক্ষা অনুষ্ঠিত হ’ব ৷ কিন্তু তাৰ মাজতেই প্ৰকাশ পোৱা এই টুইটটোৱে তাৎপৰ্য বহন কৰিছে ৷ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে (Assam Grade 3 recruitment written exam)৷

শেহতীয়া দুয়োটা পৰীক্ষাৰ সময়ত ইন্টাৰনেট সেৱা কৰ্তনৰ (Internet ban during exam hour) লগতে পৰীক্ষাৰ্থীক তন্ন তন্নকৈ নিৰীক্ষণ কৰিহে পৰীক্ষা হলত সোমাবলৈ দিয়া হৈছে ৷ তাৰোপৰি পৰীক্ষা হল নিষিদ্ধ কৰা হৈছে ম’বাইল, ব্লুটুথ যন্ত্ৰ আদি কেতবোৰ সামগ্ৰী ৷ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত নিয়োগ কৰা হৈছিল আৰক্ষীৰ দল ৷

কিন্তু তাৰ পাচতো এটা চক্ৰই এইদৰে দুৰ্নীতি সংঘটিত কৰিব খোজা বিষয়টোক লৈ বৰ্তমান চৰ্চা আৰম্ভ হৈছে য৷ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যেই লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক:দেওবাৰৰ পৰীক্ষাত সাংবাদিকক হুলস্থূল নকৰিবলৈ ক’লে ডিজিপিয়ে

Last Updated : Sep 8, 2022, 10:00 PM IST

ABOUT THE AUTHOR

...view details