গুৱাহাটী, 28 ডিচেম্বৰ :কমিউনিষ্ট আৰু শ্ৰমিক আন্দোলনৰ অগ্ৰণী নেতা কমৰেড উপেন তালুকদাৰ আৰু নাই(Comrade Upen Talukdar is no more) ৷ গুৱাহাটীস্থিত নিজা বাসভৱনত সোমবাৰে পুৱা 6.30 বজাত শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে । উপেন তালুকদাৰে আজীৱন কৃষক-শ্ৰমিক জনতাৰ প্ৰাপ্য অধিকাৰৰ হকে যুঁজ দি আহিছিল ৷
কমৰেড উপেন তালুকদাৰে অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচন(All India Students Federation Leader Upen Talukdar)ৰ জৰিয়তে কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ আহিছিল ৷ তেওঁ সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ নেতৃত্ব বহন কৰি মৃত্যুৰ সময়লৈকে মুখ্য উপদেষ্টা(All India Trade Union Congress chief advisor) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ চি পি আইৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ এজন সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । তালুকদাৰ অল আছাম কনষ্ট্ৰাকচন ৱাৰ্কাচ ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ।