গুৱাহাটী,26 মাৰ্চ :অসম চৰকাৰে সৰ্বমুঠ 26,441 টা খালী পদ পূৰণৰ বিজ্ঞাপন (Assam Government’s Largest Appointment) প্ৰকাশ কৰাৰ পিছতে সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । বিজ্ঞাপনৰ আধাৰত শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এক যুটীয়া সংবাদ মেলত (All Assam Law Students Union organize press conference) দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম আৰু সদৌ অসম আইন ছাত্ৰ সন্থা (All Assam Law Students Union) ৰ কেন্দ্ৰীয় সভাপতি ক্ৰমে ধৰ্মকান্ত গগৈ আৰু সঞ্জীৱ বৰাই চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।
দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈয়ে চৰকাৰক অসমৰ নিবনুৱাৰ ভৱিষ্যতক লৈ ধেমালী নকৰিবলৈ সকিয়াই দি প-পত্ৰ পূৰণৰ মাছুল বিনামূলীয়া কৰাৰ লগতে বিজ্ঞাপনটো সংশোধন কৰি পৰীক্ষা অনুষ্ঠিত হ’বলগা তাৰিখ আৰু ফলাফল ঘোষণা হ’বলগীয়া তাৰিখ স্পষ্ট কৰিবলৈ দাবী জনায় ।
লগতে তেওঁ কয় যে, বিগত সময়টো এনেধৰণৰ বিজ্ঞাপন প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত নকৰা আৰু নিযুক্তি প্ৰদান নকৰাৰ নজিৰ আছে । মুখ্যমন্ত্ৰীয়ে এখন তামোল নোখোৱাকে নিযুক্তি দিম বুলি কোৱা কথাষাৰৰ উক্তি দি গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ কথাৰ বিপৰীতে গৈ এই নিযুক্তি কমিটিখনে প্ৰতিজন আবেদনকাৰীৰ পৰা এপোনকৈ তামোল খাবলৈ গৈ আছে ।
মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰা, ছাত্ৰীক স্কুটি দিয়া, ছাত্ৰক বাইক দিয়া, অৰুনোদয়কে আদি কৰি বিভিন্ন বিনামূলীয়া আঁচনিৰে চমক দিয়া চৰকাৰ খনে নিৱনুৱা সকলৰ নিযুক্তিৰ আবেদন কিয় বিনামূলীয়া কৰিব নোৱাৰে বুলি কৰিলে প্ৰশ্ন ।