গুৱাহাটী, ২৭ ডিচেম্বৰঃঅসমৰ লােকসংগীত জগতৰ সম্রাজ্ঞী, পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বার্ষিকী দিনাই তেওঁৰ কন্যা অলকা পাণ্ডেই ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাৱে যােগদান কৰে ৷ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত অনুষ্ঠিত হােৱা যােগদান কার্যসূচীত বিজেপি, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শর্মা, সম্পাদক কৃষ্ণমনি চুতীয়া উপস্থিত থাকে ।
যােগদান কার্যসূচীত উপস্থিত থাকি বিজেপি, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, মাতৃৰ মৃত্যু বার্ষিকী দিনাই বিজেপিত যােগদান কৰা অলকা পাণ্ডেক দলৰ মজিয়ালৈ স্বাগতম জনাইছো, অনাগত দিনত তেখেতে দলৰ নীতি-আদর্শ নিষ্ঠা সহকাৰে পালন কৰি দল তথা ৰাইজৰ স্বাৰ্থত কাম কৰি যাব ।