গুৱাহাটী,৪জুলাই: মহানগৰীৰ জালুকবাৰীৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু । বৰ্তমানেও উদঘাটন নহ'ল আকিল আহমেদ নামৰ যুৱকজনৰ মৃত্যুৰ ৰহস্য । যোৱা ১৭ জুনৰ পৰা নিখোজ হৈ থকা আকিলৰ মৃতদেহ উদ্ধাৰ হৈছিল জালুকবাৰীৰ ৰে'ল লাইনত । ১৮ জুনত পৰিয়ালে লাভ কৰিছিল এই খবৰ । যুৱকজনৰ মূৰত আঘাত কৰাৰ ফলতে মৃত্যু হোৱা বুলি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত উল্লেখ আছে । সেয়েহে যুৱকজনক যে কোনোবাই হত্যা কৰিছে সেয়া মৰণোত্তৰ পৰীক্ষাই ইতিমধ্যেই স্পষ্ট কৰিছে ।
জালুকবাৰীৰ আকিলৰ মৃত্যু বৰ্তমানেওঁ ৰহস্যৰ আৱৰ্তত
মহানগৰীৰ জালুকবাৰীৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু। বৰ্তমানেও উদঘাটন নহ'ল আকিল আহমেদ নামৰ যুৱকজনৰ মৃত্যুৰ ৰহস্য । যোৱা ১৭ জুনৰ পৰা নিখোজ হৈ থকা আকিলৰ মৃতদেহ উদ্ধাৰ হৈছিল জালুকবাৰীৰ ৰে'ল লাইনত । ১৮ জুনত পৰিয়ালে লাভ কৰিছিল এই খবৰ । যুৱকজনৰ মূৰত আঘাত কৰাৰ ফলতে মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাই ইতিমধ্যেই স্পষ্ট কৰিছে ।
জালুকবাৰীৰ আকিলৰ মৃত্যু বৰ্তমানেওঁ ৰহস্যৰ আৱৰ্তত
ঘটণা সন্দৰ্ভত মহানগৰীৰ জালুকবাৰী আৰক্ষী চকী আৰু জি আৰ পিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে পৰিয়ালৰ সদস্যই । এতিয়া মৃত আকিল আহমেদৰ হত্যাৰ ন্যায় বিচাৰি হাবাথুৰি খাব লগা হৈছে পৰিয়ালটোৱে । কোনো অজ্ঞাত ড্ৰাগছ মাফিয়াই যুৱকজনক হত্যা কৰি ৰে'ল লাইনত পেলাই থোৱাৰ সন্দেহ পৰিয়ালৰ ।
উল্লেখযোগ্য যে, জালুকবাৰী আৰক্ষী চকীত মৃত আকিলৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিওঁ আৰক্ষীয়ে পৰিয়ালটোক এজাহাৰ উঠাই ল'বলৈহে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ তুলিলে আকিলৰ পৰিয়ালে ।