অসম

assam

ETV Bharat / city

বিজেপিৰ গানটো অসমীয়া সংস্কৃতিৰ নহয়ঃ অখিল গগৈ - ETV BHARAT

কৃষক নেতা অখিল গগৈয়ে গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত বুধবাৰে এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত বিজেপিৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ বাবে ভয়ংকৰ বুলি দাবী কৰে তেওঁ । অসমীয়া ৰাইজক ভোট প্ৰদানৰ পূৰ্বে চিন্তা কৰিবলৈও তেওঁ আহ্বান জনায় ।

AKHIL GOGOI'S PRESS MEET

By

Published : Apr 17, 2019, 8:49 PM IST

বুধবাৰ, ১৭ এপ্ৰিল: "বিজেপিৰ প্ৰচাৰৰ গানটো অসমীয়া সংস্কৃতিৰ নহয়, এয়া উত্তৰ ভাৰতীয়হে ৷" বুধবাৰে গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এনেদৰে অভিযোগ কৰে কৃষক নেতা অখিল গগৈয়ে । সংবাদমেলতে শিলচৰত বিজেপি নেতা ৰাম মাধৱে ৩১ জুলাইৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে কৃষক নেতাজনে । সংবাদমেলত তেওঁ কয় যে, বিজেপিৰ কেন্দ্ৰীয় ইস্তাহাৰতো স্পষ্টভাৱে ঘোষণা কৰা হৈছে যে বিধেয়কখন গৃহীত কৰিবলৈ দলটো বদ্ধপৰিকৰ । এই সমগ্ৰ ঘটনা অসমৰ বাবে ভয়ংকৰ বুলি দাবী কৰে নেতাজনে । তেওঁ লগতে এইবুলিও মন্তব্য কৰে যে, যি সময়ত বিজেপিক সম্পূৰ্ণৰূপে খেদিব লাগিছিল সেইসময়ত আত্মঘাতী অসমীয়াই বিজেপিৰ ফান্দত ভৰি দিছে ।

AKHIL GOGOI'S PRESS MEET

২০১৯ লোকসভা নিৰ্বাচনৰ দৰে সাম্প্ৰদায়িক ভিত্তিত মেৰুকৰণ হোৱা নিৰ্বাচন আগতে দেখা নাই বুলিও তেওঁ উল্লেখ কৰে । বিজেপিয়ে চাৰে তিনি বছৰীয়া কাৰ্যকালত কেইজন বিদেশী খেদিবলৈ সক্ষম হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে । বিজেপি দলৰ অস্তিত্ব নাইকিয়া কৰিবলৈ সকলোকে আহ্বান জনাই গগৈয়ে কয় যে ভোট প্ৰদান কৰিবলৈ গৈ ই ভি এমৰ বুটাম টিপাৰ আগত চিন্তা কৰিব লাগিব যে দলটো অসমীয়াৰ পক্ষত নে বিদেশীৰ পক্ষত ।

ABOUT THE AUTHOR

...view details