গুৱাহাটী, 19 ছেপ্টেম্বৰ:মাধ্যম বিতৰ্ককলৈ বিধানসভাৰ অধিৱেশনৰ শেষৰ দিন অৰ্থাৎ সোমবাৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি হয় (Tense situation at Assam legislative Assembly) । মাধ্যম বিতৰ্ককলৈ বিশেষকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সদনৰ বাহিৰে ভিতৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । যাৰ বাবে বিধানসভাৰ অধিৱেশনৰ শেষৰ দিনটোত বিধায়ক অখিল গগৈয়ে দুৱাৰকৈ সদনৰ বাহিৰত অৱস্থান কৰিবলগীয়া হয় ।
বিধানসভাৰ অধিৱেশনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যম সন্দৰ্ভত আলোচনা আগবঢ়াই থকাৰ সময়তে বিধায়ক অখিল গগৈয়ে বিধানসভাৰ অধ্যক্ষৰ সম্মূখলৈ গৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে অখিল গগৈক বিধানসভাৰ অধ্যক্ষই পাঁচ মিনিটৰ বাবে সদনৰ পৰা বহিস্কাৰ কৰি মাৰ্চেল লগাই বাহিৰ কৰি দিয়ে (Akhil Gogoi suspended from Assam Assembly) ।
পিছত আকৌ অধিৱেশন চলি থকাৰ মাজতে বিদ্যালয়ত ইংৰাজী মাধ্যম সন্দৰ্ভত আলোচনা কৰা বাবে বিধায়ক অখিল গগৈয়ে বিধানসভাৰ অধ্যক্ষৰ পৰা পাঁচ মিনিট সময় বিচাৰে যদিও বিধানসভাৰ অধ্যক্ষই আলোচনা কৰাৰ বাবে অখিল গগৈক অস্বীকাৰ কৰাৰ বাবে এইবাৰ অখিল গগৈয়ে নিজেই সদন ত্যাগ কৰ ৷