গুৱাহাটী,২৩ জানুৱাৰী:নগাঁৱত শনিবাৰে আৰক্ষীয়ে এজন ছাত্ৰ নেতাক গুলিয়াই আহত কৰা ঘটনাটোক (Student Leader Shot by Police in Nagaon) গৰিহণা দিছে ৰাইজৰ দলে । দেওবাৰে গুৱাহাটীত আয়োজন কৰা এক সংবাদমেলত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Akhil Gogoi condemns Nagaon shooting ) ৷ তেওঁ কয় যে, অসমত এতিয়ালৈকে এনকাউন্টাৰত ৩১ জন মানুহক হত্যা কৰা হ'ল । তাৰ ভিতৰত ১৭ জন জনজাতীয় তথা সাধাৰণ লোক, বাকী ১৪ জন মুছলমান সম্প্ৰদায়ৰ লোক ।
সৰ্বমুঠ ৮৬ টা এনকাউন্টাৰ ঘটনা এতিয়ালৈকে অসমত সংঘটিত হৈছে । নগাঁৱৰ শেহতীয়া ঘটনাই চৰকাৰ আৰু অসম পুলিচৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে । ন্যায় বহিভূৰ্ত হত্যা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ৰাইজৰ দলে আগৰে পৰা কৈ আহিছে বুলিও মন্তব্য কৰে তেওঁ । চৰকাৰক তীব্ৰ সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত গণতন্ত্ৰ পুলিচতন্ত্ৰলৈ পৰ্যবসিত হৈছে বুলি দাবী কৰি ৰাজ্যত হিমন্ত বিশ্ব চৰকাৰৰ দিনত মুক্ত হত্যা চলিছে বুলি মন্তব্য কৰে (Himanta government running open killings says Akhil Gogoi) ।