গুৱাহাটী, ১২ ডিচেম্বৰ :কা বিৰোধী আন্দোলন(Anti CAA movement in Assam)ৰ ৫ ছহিদক সুঁৱৰি দেওবাৰে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনায় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ(Sivasagar MLA Akhil Gogoi)য়ে । ছহিদ চেম ষ্টেফৰ্ডৰ হাতীগাঁওস্থিত বাসগৃহত উপস্থিত হৈ ছহিদকেইগৰাকীক শ্ৰদ্ধাঞ্জলী জনায় অখিল গগৈয়ে । গগৈয়ে ছহিদকেইগৰাকীক শ্ৰদ্ধাঞ্জলী জনোৱাৰ পাছত 'কা' বিৰুদ্ধে সৰৱ হৈ পৰে ।
বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে পুনৰ সকলো জাতীয় সংগঠনক একত্ৰিত হৈ ৰাজপথলৈ ওলাই অহাৰ বাবে আহ্বান জনায় । তেওঁ সংবাদমাধ্যমৰ আগত কয় যে, কা আন্দোলনত ৫ গৰাকী নিৰীহ লোকক গুলিয়াই হত্যা কৰিলে চৰকাৰে । আজিলৈ ক্ষতিপূৰণ নিদিলে । এই কথাটোৱে প্ৰমাণ কৰিছে যে, বিজেপি চৰকাৰখন অসমীয়া জাতিৰ শত্ৰু অসমীয়া জাতিৰ বিৰোধী ।