অসম

assam

ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মাক নিলাজ মুখ্যমন্ত্ৰী আখ্যা অখিল গগৈৰ

শনিবাৰে গুৱাহাটীত সংবাদ মেলৰ আয়োজন কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ উক্ত সংবাদ মেলত চৰকাৰে গ্ৰহণ কৰা মাধ্যম সলোৱাৰ সিদ্ধান্ত সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে (Akhil Gogoi criticized Assam CM Himanta Biswas Sarma) ৷

By

Published : Aug 20, 2022, 10:59 PM IST

Updated : Aug 21, 2022, 6:10 AM IST

Akhil Gogoi criticized Assam CM Himanta Biswas Sarma
হিমন্ত বিশ্ব শৰ্মাক নিলাজ মুখ্যমন্ত্ৰী আখ্যা অখিল গগৈৰ

গুৱাহাটী, 20 আগষ্ট : মাধ্যম বিতৰ্ক সন্দৰ্ভত শনিবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিলাজ আখ্যা দিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে । আনকি হিমন্ত বিশ্ব শৰ্মাতকৈ বদমাছ মুখ্যমন্ত্ৰী বিশ্বতেই নাই বুলি কটু সমালোচনাও কৰে অখিল গগৈয়ে (Akhil Gogoi criticized Assam CM Himanta Biswas Sarma) ৷

উক্ত সংবাদ মেলতে তেওঁ কয়, ‘‘বিজেপি চৰকাৰে মাধ্যম সলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি অদ্ভুত পাগলামী কৰিছে । মই মোৰ ল’ৰাক দশম শ্ৰেণীলৈ অসমীয়া মাধ্যমত পঢ়াইছো । গতিকে মোৰ সংবাদমেল দিয়াৰ অধিকাৰ আছে । হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ কোনো নৈতিক কিম্বা ৰাজনৈতিক অধিকাৰ নাই’’ ৷

হিমন্ত বিশ্ব শৰ্মাক নিলাজ মুখ্যমন্ত্ৰী আখ্যা অখিল গগৈৰ

লগতে তেওঁ কয়, ‘‘সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাৰ বাবেই যদি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ অধিকাৰ নাই, তেন্তে সৰ্বকালৰ দীৰ্ঘ কাৰ্যকালৰ মন্ত্ৰীজনেও অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ কোনো নৈতিক, ৰাজনৈতিক অধিকাৰ নাই’’ ৷

লগতে পঢ়ক :গুৱাহাটী মহানগৰীত বন্ধ হ’ব ১৬ খন চৰকাৰী বিদ্যালয়

আনহাতে, এজন শিক্ষামন্ত্ৰী বা এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ এখন প্ৰাইভেট স্কুলৰ ফাউণ্ডাৰ হ’ব পাৰে বুলিও প্ৰশ্ন কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । আমিনগাঁৱৰ দৰে স্থানত বৃহৎ এলেকাৰ ভূমি ক্ৰয় কৰিবলৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালে টকা ক’ত পালে, তাকলৈও সন্দেহ প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে । লগতে স্কুল সন্দৰ্ভত সকলো কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ মুখ্যমন্ত্ৰীক এক প্ৰকাৰে প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে ।

আনকি এই সংবাদ মেলতেই হিমন্ত বিশ্ব শৰ্মাই লুণ্ঠনৰ টকাৰে স্কুল বনোৱাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে । ঠেলাৱালা, ৰিক্সাৱালাক সন্মান দিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাৰ স্কুলত ঠেলাৱালা, ৰিক্সাৱালাৰ সন্তানক বিনামূলীয়া শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই অখিল গগৈয়ে ।

লগতে এই সংবাদ মেলতে অখিল গগৈয়ে মাধ্যমৰ বাবে অসমৰ শিক্ষানুষ্ঠান ধ্বংস হোৱা নাই বুলি মন্তব্য কৰি ৰাজ্যৰ শিক্ষানুষ্ঠান ধ্বংস হোৱাৰ 5 টা কাৰণ দৰ্শালে ৷ সেইকেইটা হৈছে, শিক্ষানুষ্ঠানত উপযুক্ত শিক্ষকৰ অভাৱ, অসম চৰকাৰে পাঠদানৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা নাই শিক্ষকৰ বাবে, অসমৰ শিক্ষানুষ্ঠানৰ অৱস্থা লাওলোৱা, বেছিভাগ সময়তে পাঠদানৰ পৰিৱৰ্তে অন্য কামত বেছিকৈ ব্যৱহাৰ কৰে শিক্ষকসকলক, শিক্ষানুষ্ঠানসমূহত পৰিদৰ্শকৰ অভাৱ আৰু ৰাজনৈতিক প্ৰভাৱ ।

চৰকাৰৰ এইসমূহ বিফলতা ঢাকি ৰাখিবলৈ এইবাৰ মুখ্যমন্ত্ৰীয়ে মাধ্যম বিতৰ্কৰ সৃষ্টি কৰাৰো অভিযোগ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

লগতে পঢ়ক :আছু আৰু সাহিত্য সভাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী

Last Updated : Aug 21, 2022, 6:10 AM IST

ABOUT THE AUTHOR

...view details