গুৱাহাটী, 18 জুলাই :আজি অনুষ্ঠিত হ’ল বহু প্ৰত্যাশিত 15 তম ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential election 2022)৷ অসমৰ দিছপুৰ বিধানসভাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে 123 গৰাকী বিধায়কে (Presidential polling 2022 in Assam)৷ দিছপুৰৰ বিধানসভাৰ চেন্ট্ৰেল হলত পুৱা 10 বজাৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷
ভোটদানৰ পূৰ্বে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Sivasagar MLA Akhil Gogoi) ৷ গগৈয়ে দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয়,
"দ্ৰৌপদী মুৰ্মু প্ৰকৃততে আদিবাসী হয়নে ? দ্ৰৌপদী মুৰ্মু হৈছে এগৰাকী ক্ৰীমী লেয়াৰত পৰা মহিলা ৷ তেওঁ এগৰাকী অভিজাত মহিলা ৷ যিগৰাকী মহিলা নিজেই ৰাজ্যপাল আছিলে, যিগৰাকী বিধায়ক আছিল দীৰ্ঘদিন ধৰি তেওঁক লৈ যদি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলা যায় সেইটো প্ৰকৃত অৰ্থত আদিবাসী হয়নে ! উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ঘোষণা কৰিছে যিসকল লোক অভিজাতৰ শাৰীত পৰে তেওঁলোক সংৰক্ষণৰ অন্তৰ্ভুক্ত নহ'ব ৷ তেওঁক লৈ যি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলা হৈছে তেনেকুৱা ৰাজনীতি ঘৃণনীয় ৰাজনীতি, তেনেকুৱা ঘৃণনীয় ৰাজনীতি আমি সকলোৱে পৰিহাৰ কৰি চলা উচিত ৷"