অসম

assam

By

Published : Aug 11, 2021, 7:40 PM IST

ETV Bharat / city

বিধানসভাতেই কথাৰ কটাকটি মুখ্যমন্ত্ৰী-অখিল গগৈৰ

বুধবাৰে বিধানসভাৰ মজিয়াতে কথাৰ কটাকটি হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ বিধানসভাৰ মজিয়াত বিধায়কগৰাকীক তীৰ্যক বাক্যবাণ নিক্ষেপ কৰে মুখ্যমন্ত্ৰীয়ে ৷

Akhil Gogoi argues with Himanta over bad roads in Assam
বিধানসভাতেই কথাৰ কটাকটি মুখ্যমন্ত্ৰী-অখিল গগৈৰ

গুৱাহাটী,11 আগষ্ট: বিধানসভাত আজি অৰ্থাৎ বুধবাৰে মুকলিকৈয়ে চলিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কথাৰ কটাকটি । স্মৰ্তব্য যে, বিধায়ক অখিল গগৈয়ে মঙলবাৰে এক মন্তব্য কৰিছিল যে, ‘তেওঁ দৃঢ়তাৰে ক’ব পাৰে যে অসমৰ ৰাজনীতিত একমাত্ৰ তেৱেই সৎ ব্যক্তি’ । গগৈৰ এই মন্তব্যৰ কটাক্ষ কৰি আজি বিধানসভাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিধায়ক গৰাকীৰ প্ৰতি কেতবোৰ তীৰ্যক বাক্যবাণ নিক্ষেপ কৰে । ফলত স্বাভাৱিকতে জাঙুৰ খাই উঠে বিধায়ক অখিল গগৈ ।

মুখ্যমন্ত্ৰীৰ প্ৰতি মন্তব্য কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰী গৰাকীৰো বহু গণ্ডগোল আছে । গগৈৰ এই মন্তব্যই ক্ষুব্ধ কৰি তোলে শাসক দলৰ বিধায়ক সকলক । সদনৰ মজিয়াত সমস্বৰে শাসক পক্ষৰ বিধায়ক সকলে গগৈক আক্ৰমণ কৰাত এক বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হয় । বিধায়ক অখিল গগৈয়ে অনতিপলমে সকলো টোলগেট বন্ধ কৰিবলৈও দাবী জনায় ।

লগতে পঢ়ক:অসমৰ ভূমি বেদখলক লৈ উত্তপ্ত বিধানসভা : বিৰোধীৰ সদন ত্যাগ

আনহাতে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আজি সদনত কয় যে, বিগত পাঁচটা বছৰত ৰাজ্যৰ সকলো সমষ্টিতে সম উন্নয়ন হৈছে ।

সকলো সমষ্টিৰ সামগ্ৰিক উন্নয়ন হ’ব লাগিব বুলিও তেওঁ সদনত মন্তব্য কৰে । তেওঁ আৰু কয় যে, কাজিৰঙাৰ ওপৰেৰে প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘৰ এটা বিকল্প পথ নিৰ্মাণৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে । ইয়াৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু বহু পৰিমাণে দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব ।

লগতে পঢ়ক:দিল্লীত সৰ্বানন্দ সোণোৱালৰ সৈতে অসমীয়া খাদ্যৰ জুটি ল’লে লাভলীনাই

মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ্য কৰা অনুসৰি, কাজিৰঙাৰ ওপৰেৰে প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘৰ এটা এটা এলিভেটেড কৰিডৰৰ পৰিকল্পনা কৰিছে ৷ এই কৰিডৰ নিৰ্মাণ হ’লে পুৰণি ৰাস্তা অৰ্থাৎ বৰ্তমানৰ ৰাস্তাটোৰে কাজিৰঙাৰ ৰাইজ তথা কাষৰ ৰাইজে ব্যৱহাৰ কৰিব ৷ আনহাতে, কাজিৰঙাৰ নতুন ৰাস্তাটোৰে অৰ্থাৎ এলিভেটেড কৰিডৰৰে দূৰনিৱতীয়া যাত্ৰীয়ে যাতায়ত কৰিব পাৰিব ৷

একেদৰে তেওঁ আৰু কয় যে, চৰকাৰে এহেজাৰ কিলোমিটাৰ পথ আৰু মথাউৰি নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেজপুৰ, বাইহাটা চাৰিআলি আৰু বশিষ্টত শীঘ্ৰে উৰণীয়া সেতু নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ উপৰি শিৱসাগৰ আৰু সোণাৰিৰ পথচোৱা হাইৱেলৈ ৰূপান্তৰিত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আজি সদনত কয় । একেদৰে গোলাঘাটৰ পৰা দেৰগাঁৱলৈ এই পথচোৱা চাৰিলেনযুক্ত কৰা হ’ব বুলিও সদনত তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:বিধায়ক অখিল গগৈক পঞ্চায়ত আইন পঢ়িবলৈ দিলে মন্ত্ৰী ৰণজিৎ দাসে

ABOUT THE AUTHOR

...view details