অসম

assam

ETV Bharat / city

Assam Meghalaya border conflict : সৰ্বদলীয় বৈঠকত পলমকৈ নিমন্ত্ৰণী পত্ৰ পালে ৰাইজৰ দলে - All party meeting on Assam Meghalaya border conflict

মঙলবাৰে কইনাধৰাত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ বাবে পলমকৈ নিমন্ত্ৰণী পত্ৰ পালে ৰাইজৰ দলে (All party meeting With CM Himanta Biswa Sarma) ৷ যাৰ বাবে ৰাজনৈতিক দলটোৰ প্ৰতিনিধি উপস্থিতি নাথাকিল বৈঠকত ৷ তথাপি দলৰ হৈ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ দিয়া এক পত্ৰযোগে বহুকেইটা স্পৰ্শকাতৰ বিষয়ৰ ওপৰত মন্তব্য প্ৰকাশ কৰে ৷

Assam Meghalaya border conflic
সৰ্বদলীয় বৈঠকত পলমকৈ নিমন্ত্ৰণী পত্ৰ পালে ৰাইজৰ দলে

By

Published : Jan 18, 2022, 10:50 PM IST

গুৱাহাটী, ১৮ জানুৱাৰী : চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে থকা অসমৰ সীমা সমস্যাক লৈ মঙলবাৰে কইনাধৰাত এখন গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় (All party meeting on Assam Meghalaya border conflict) । মেঘালয়ৰ সৈতে থকা ছটা বিবদমান এলেকা সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ৰাজনৈতিক দলৰে বৈঠকত মিলিত হয় । এই সৰ্বদলীয় বৈঠকত পলমকৈ নিমন্ত্ৰণী পত্ৰ পায় ৰাইজৰ দলে । নিমন্ত্ৰণী পত্ৰ পোৱাৰ পিছতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে এখন পত্ৰ ।

অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰযোগে কয় যে, ‘‘পত্ৰখন সময়মতে পোৱা হ'লেও মই ক'ভিড- ১৯ ত আক্ৰান্ত হৈ থকাৰ বাবে ব্যক্তিগতভাৱে এই সভাখনত উপস্থিত থাকিব নোৱাৰিলোহেঁতেন । কিন্তু নিশ্চয় ৰাইজৰ দলৰ প্ৰতিনিধি এই গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকি আমাৰ বক্তব্য আগবঢ়ালেহেঁতেন ।

যোৱা কিছুদিন ধৰি অসম-মেঘালয়, অসম-অৰুণাচল, অসম-নাগালেণ্ড আৰু অসম-মিজোৰাম সীমা বিবাদ সন্দৰ্ভত অসম চৰকাৰে একোজনকৈ সন্মানীয় মন্ত্ৰীৰ নেতৃত্বত সংশ্লিষ্ট ৰাজ্যসমূহৰ লগত আলোচনা কৰি থকা সংবাদ মাধ্যমযোগে প্ৰত্যক্ষ কৰি আহিছো । এই বিষয়টোক লৈ মই আৰু আমাৰ দল অতিশয় চিন্তিত হৈ আছো’’ ৷

সৰ্বদলীয় সভাখন অনুষ্ঠিত কৰাত আনন্দ প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে, প্ৰতিখন ৰাজ্যৰে সাংবিধানিক সীমা আছে । দুখন ৰাজ্যৰ, দুজন মন্ত্ৰীয়ে আলোচনা কৰি সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে । সেয়া সাংবিধানিক যেনেকৈ নহয়, বাস্তৱসম্মতও নহয় ।

আনহাতে, অসম আৰু মেঘালয়ৰ সমস্যাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত খৰধৰকৈ নল’বলৈ পত্ৰযোগে অসম চৰকাৰক আহ্বান জনায় ৷ সেয়েহে সামগ্ৰিকভাৱে অসমৰ জনগণৰ মতামত নোলোৱাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ পত্ৰযোগে অনুৰোধ জনায় বিধায়কগৰাকীয়ে ।

সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকিলেও পত্ৰযোগে বিধায়ক অখিল গগৈয়ে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনৰ পৰা অসমৰ বনাঞ্চলসমূহক ৰক্ষা কৰাৰ বাবে আহ্বান জনায় । সীমান্ত এলেকাত অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ বাবেও আহ্বান জনায় অখিল গগৈয়ে । কোনো কাৰণতে অসমৰ সাংবিধানিক সীমাৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব বুলিও পত্ৰযোগে জনায় ।

লগতে পঢ়ক:Assam Meghalaya border conflict : কইনাধৰাত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক

ABOUT THE AUTHOR

...view details