গুৱাহাটী, 1 আগষ্ট:ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ শুকুৰবাৰে স্মাৰক পত্ৰ প্ৰেৰণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গুৱাহাটী মহানগৰ সমিতিৰ ৷ লক্ ডাউনৰ আৰম্ভ হোৱাৰ পৰাই বৰ্তমানেও বন্ধ হৈ আছে ৰাজ্যৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান সমূহ ৷ ইয়াৰ মাজতে বহু বিদ্যালয়ে অনলাইন মাধ্যমত পাঠদান কৰাই আছে ছাত্ৰ-ছাত্ৰীক ৷ কিন্তু একাংশ বিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ পৰা বিদ্যালয় গৃহ, পৰীক্ষা, লাইব্ৰেৰী, মেডিকেল, বিজুলী আদিৰ নামত বৰ্তমানেও সংগ্ৰহ কৰিছে মাচুল ৷
শিক্ষামন্ত্ৰীলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গুৱাহাটী মহানগৰ সমিতি
লক্ ডাউনৰ বাবে এতিয়াও বন্ধ ৰাজ্যৰ সকলো শিক্ষা অনুষ্ঠান ৷ কিন্তু একাংশ বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা বিদ্যালয় গৃহ, পৰীক্ষা, লাইব্ৰেৰী, মেডিকেল, বিজুলী আদিৰ নামত বৰ্তমানেও সংগ্ৰহ কৰিছে মাচুল ৷
Ajycp Gives Memorandum To State Education MinisterAjycp Gives Memorandum To State Education Minister
যাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ শুকুৰবাৰে মহানগৰ আৰক্ষী সংমণ্ডলৰ মধ্য মণ্ডল (নুনমাটি থানাৰ) সহকাৰী আৰক্ষী আয়ুক্তৰ জৰিয়তে শিক্ষামন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ পৰিষদে ৷ সংগঠনটোৰ দাবী মহানগৰীৰ বিদ্যালয় সমূহে এনেদৰে মাচুল লোৱা কাৰ্য বন্ধ কৰিব লাগে ৷