গুৱাহাটী, 1 জুলাই:শুকুৰবাৰে কেঁচা চাহপাতৰ ওপৰত জি এচ টি আৰোপৰ সিদ্ধান্তক তীব্ৰভাৱে সমালোচনা কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuva Chatra Parishad) সাধাৰণ সম্পাদক পলাশ চাংমায়ে ( AJYCP general secretary Palash Sangmai reacts to Sets 5% GST in Row Tea) ৷ চাহপাতৰ ওপৰত 5% জি এচ টি আৰোপৰ (India Sets 5% GST for Tea) বিৰোধিতা কৰি তেওঁ কয়, উজনিৰ ডেৰ লাখতকৈ অধিক পৰিয়াল ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত ।
বিজেপি চৰকাৰৰ দিনত ক্ষুদ্ৰ চাহ খেতিয়কক চাহপাতৰ উচিত দাম দিয়াৰ বিপৰীতে খেতিয়কে সাৰ আৰু কীটনাশক পাচগুণ দামত কিনিব লগা হৈছে ৷ পানীৰ দৰত চাহ বিক্ৰী কৰিব লগা হৈছে বুলি মন্তব্য কৰি পুঁজিপতি গোষ্ঠীৰ লাভ হোৱাৰ স্বাৰ্থত চাহ খেতিয়কে নূন্যতম দাম পোৱা নাই বুলিও সদৰি কৰে সাধাৰণ সম্পাদক পলাশ চাংমায়ে ৷