গুৱাহাটী, 17 আগষ্ট :ৰাজ্যত পুনৰ আৰম্ভ হোৱা কা আন্দোলনৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে (Lurinjyoti Gogoi on CAA protest) । তেওঁ সংবাদমাধ্যমৰ আগত কয় যে, আজিৰ পৰা উত্তৰ-পূৱ ছাত্ৰ সংগঠনৰ উদ্যোগত সমগ্ৰ উত্তৰ-পূবাঞ্চলজুৰি কা বিৰোধী সংগ্ৰাম পুনৰ আৰম্ভ হৈছে । এই সংগ্ৰামৰ প্ৰতি অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু থাকিব (AJP supports anti CAA protest) ।
তেওঁ লগতে কয় যে, CAA অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে কেতিয়াও মনা নাছিল আৰু ভবিষ্যতেও মানিব নোৱাৰে (Anti CAA protest in Assam)। কাৰণ কা জাপি দি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ প্ৰতি কেন্দ্ৰীয় চৰকাৰে অন্যায় কৰিছে । এই কা বিৰোধী সংগ্ৰাম পুনৰ আৰম্ভ কৰিবলৈ আহ্বান লুৰীণজ্যোতি গগৈৰ (Lurinjyoti Gogoi urges public for caa protest) । তেওঁ আছু, যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ লগতে আগন্তুক দিনত প্ৰতিটো ছাত্ৰ সংগঠন, জাতী-জনগোষ্ঠীয় দল-সংগঠন, সহিত্য সভা, খিলঞ্জীয়া সাহিত্য সভা প্ৰত্যেকেই এই আন্দোলনত যোগ দিব লাগে বুলি মন্তব্য কৰে ৷