গুৱাহাটী, 30 এপ্ৰিল :পৰিৱৰ্তনৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতে আৰম্ভ হৈছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ । নিৰ্বাচনৰ সময়ত মূল্যবৃদ্ধিৰ সমস্যাৰ পৰা ৰাইজক মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ লগতে ঔষধৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰি তুলিছে সাধাৰণ ৰাইজক (Petrol price hike in Assam) ৷
যাৰ ফলত ক্ষোভিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷ শেহতীয়াকৈ শনিবাৰে পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি জাতীয় বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদে (AJP protest against price hike in Assam) ৷
গুৱাহাটীত দলৰ কামৰূপ (মহানগৰ) জিলাৰ উদ্যোগত ফাঁচী বজাৰৰ মাজমজিয়াত জাতীয় পৰিষদৰ কেইবাশ প্ৰতিবাদকাৰীয়ে চৰকাৰৰ আৰু মোনাফাখোৰ বনিয়া গোষ্ঠীৰ বিৰুদ্ধে শ্লোগান দিয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে ৷ ‘হয় মূল্য নিয়ন্ত্ৰণ কৰক, নহ’লে চৰকাৰে গাদী এৰক’ এই শ্লোগানেৰে উত্তাল কৰি তুলিছিল প্ৰতিবাদস্থলী ৷