অসম

assam

ETV Bharat / city

অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল - Flood in Assam

অসমৰ শেহতীয়া বান (Flood in Assam) পৰিস্থিতিক লৈ উদ্বেগ অসম জাতীয় পৰিষদ (AJP press conference on Flood situation in Assam) ৷ শনিবাৰে এক সংবাদমেলত ‘‘আমাৰ মাটি, আমাৰ অধিকাৰ’’ নামৰ মিছন আৰম্ভ কৰাৰ কথা ঘোষণা কৰে লুৰীণজ্যোতি গগৈয়ে । লগতে অসমৰ বান পৰিস্থিতিৰ বাবে বিশেষ আৰ্থিক পুঁজি ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান লুৰীণজ্যোতি গগৈৰ ৷

ajp-press-conference-on-flood-situation-in-assam
অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল

By

Published : May 21, 2022, 8:30 PM IST

গুৱাহাটী, ২১ মে’: অসমৰ শেহতীয়া বান (Flood in Assam) পৰিস্থিতি সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সংবাদমেল । বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে পৰিষদে । শনিবাৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি অসমৰ বৰ্তমানৰ বান পৰিস্থিতি অতিশয় উদ্বেগজনক বুলি মন্তব্য কৰে ৷

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰণৰ 19 মে’ৰ প্ৰতিবেদন মতে, ৰাজ্যৰ 27 খন জিলাৰ 75 টা ৰাজহ চক্ৰ এলেকাৰ 1,790 খন গাঁৱৰ 7 লাখ 17 হাজাৰ লোক আক্ৰান্ত হৈছে ৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপন অভিযানৰ বৰ্ণনা দি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে, ‘‘অসম চৰকাৰৰ দুৰ্যোগ প্ৰসমণ পুঁজিত 1,000 কোটি টকা জমা আছে ৷ অথচ বছৰ প্ৰথমটো বানতে বৃহৎ ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱাৰ ফলত 1,000 কোটি টকা মুঠেই পর্যাপ্ত নহয় ৷ ভাৰত চৰকাৰে বিহাৰ, উত্তৰ প্ৰদেশ, গুজৰাট, জম্মু-কাশ্মীৰ, পশ্চিম বংগ, কর্ণাটক, কেৰালা আদি ৰাজ্যক বান সাহায্যৰ নামত হাজাৰ কোটিৰ ঘৰত আৰ্থিক পেকেজ দিয়া আমি দেখিছো’’ বুলি সভাপতিগৰাকীয়ে কয় ।

অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল

বিগত বৰ্ষত (2021) কর্ণাটক, মধ্য প্ৰদেশ, উত্তৰাখণ্ড, গুজৰাট আৰু পশ্চিম বংগত বান পৰিস্থিতি মোকাবিলাৰ বাবদত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (NDRF)ৰ অধীনত 3,063,21 কোটি টকা মোকলাই দিছিল ৷ গুজৰাটৰ বানাক্ৰান্ত ৰাজ্যলৈ 1,500 কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াইছিল ৷

2018 চনত কেৰালাত বানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনলৈ 500 কোটিৰ বিশেষ পেকেজ আগবঢ়াইছিল । 2015 চনৰ কাশ্মীৰৰ বিধ্বংসী বান মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে 2,437 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছিল । কিন্তু অসমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বহু দিনৰে উদাসীন ভূমিকা গ্ৰহণ কৰি আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সভাপতিগৰাকীয়ে ।

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুজিৰ অধীনত 2018 চনৰ পৰা চলিত বিত্তীয় বর্ষলৈকে তিনি বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে বিচাৰিছিল মুঠ 8,388.33 । সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে আৱন্টন কৰে মুঠ 1,192.16 কোটি টকাহে ৷ কিন্তু দুখৰ কথাটো হ'ল, এই তিনি বছৰৰ 2018-19 বিত্তীয় বর্ষ আৰু 2019-20 বিত্তীয় বৰ্ষত NDRF শিতানত অসমৰ বাবে এটকাও মোকলাই নিদিলে কেন্দ্ৰীয় চৰকাৰে ৷

বিগত 2020-21 বিত্তীয় বৰ্ষত অসমে বিচৰা 2,640.87 কোটিৰ মাত্ৰ 44.37 কোটি টকাহে কেন্দ্ৰীয় চৰকাৰে অসমলৈ মুকলি কৰি দিয়ে৷ এই সংবাদমেলত অসমৰ শেহতীয়া বানৰ ভয়াৱহতা আৰু ক্ষয়-ক্ষতিলৈ চাই অসমৰ বাবেও বিশেষ আৰ্থিক পুঁজি ঘোষণা কৰিবলৈ অসম জাতীয় পৰিষদে ভাৰতৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনায় ৷

লগতে আক্ৰান্ত লোকসকলৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা অধিক খৰতকীয়া কৰিবলৈ দলে চৰকাৰক আহ্বান জনায় ৷ ইপিনে আক্ৰান্ত লোকসকলক জাতীয় পৰিষদৰ কৰ্মী-সদস্যসকলেও ঠায়ে ঠায়ে সাহাৰ্য আগবঢ়াইছে ৷ দলৰ সমূহ নেতা-কর্মীক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে বুলিও জানিব দিয়ে লুৰীণজ্যোতি গগৈয়ে ৷

সাহায্য আৰু পুনৰ সংস্থাপন অভিযানত প্ৰশাসন, আৰক্ষী, দুৰ্যোগ প্ৰশমণ বিভাগৰ বিষয়া-কৰ্মী তথা সেনা বাহিনীৰ লোকক প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈয়ো দলৰ কৰ্মী-সমর্থকসকলক আহ্বান জনোৱা হৈছে বুলি মন্তব্য কৰে ৷ সংবাদমেলত ‘‘আমাৰ মাটি, আমাৰ অধিকাৰ’’ নামৰ মিছন আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।

মিছনৰ বাবে এখন তিনিজনীয়া কমিটি গঠন কৰা হৈছে । এই কমিটিয়ে অসমৰ জনসাধাৰণৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰিব । ভূমি সংক্ৰান্তত এই কমিটিয়ে বিনামূলীয়াকৈ পৰামৰ্শ আগবঢ়াব । কাৰণ বহু লোকে ভূমিৰ অধিকাৰ সন্দৰ্ভত অৱগত নহয় বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :সলনি হ'ল সৰ্বানন্দ সোণোৱালৰ ঠিকনা

ABOUT THE AUTHOR

...view details