অসম

assam

ETV Bharat / city

দিনে-ৰাতিয়ে চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম - লুৰীণজ্যোতি গগৈ

জানুৱাৰীৰ ভিতৰতে ৫শ মেগাৱাট বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য NHPCৰ ৷ সোমবাৰে নিশা মূল বান্ধলৈ গৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে অসম জাতীয় পৰিষদে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত গেৰুকামুখলৈ গ'ল জাতীয় পৰিষদৰ বৃহৎ প্ৰতিনিধি দল ৷

Etv Bhaদিনে-ৰাতিয়ে চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কামrat
Etv Bharatদিনে-ৰাতিয়ে চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম

By

Published : Sep 13, 2022, 6:44 AM IST

Updated : Sep 13, 2022, 7:13 AM IST

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ: নিশাৰ অন্ধকাৰতো চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম ৷ দৈনিক ৩টা শ্বিফটত নিয়োজিত হৈ আছে কেইবা হাজাৰ বিষয়া-কৰ্মচাৰী ৷ অহা জানুৱাৰীৰ ভিতৰতে ৫শ মেগাৱাট বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য NHPCৰ ৷ সোমবাৰে নিশা মূল বান্ধলৈ গৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে অসম জাতীয় পৰিষদে ৷

দিনে-ৰাতিয়ে চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত গেৰুকামুখলৈ গ'ল জাতীয় পৰিষদৰ বৃহৎ প্ৰতিনিধি দল ৷ দুপৰ নিশা হাজাৰ হাজাৰ কৰ্মচাৰীয়ে কাম কৰি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰিলে জাতীয় পৰিষদৰ প্ৰতিনিধি দলে ৷ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ উলংঘা কৰি NHPCয়ে কাম অব্যাহত ৰখাৰ অভিযোগ ৷

নামনি অঞ্চলত সামূহিকভাবে পৰিব পৰা প্ৰভাৱ অধ্যয়ন (Cumulative Downstream Impact Study) কৰিবলৈ পৰামৰ্শ দিছিল বিশেষজ্ঞ সমিতিয়ে ৷ NHPCৰ ভূমিকাত ক্ষোভ প্ৰকাশ লুৰীণজ্যোতি গগৈৰ ৷ উৎপাদন আৰম্ভ হ'লে ধেমাজি, মাজুলী আৰু লখিমপুৰসহ নামনিৰ জিলাসমূহত ভয়ানক প্ৰভাৱ পৰাৰ আশংকা লুৰীণজ্যোতিৰ ৷ নিৰ্মাণ আৰম্ভ হওঁতে ব্যাপক আন্দোলন কৰা সংগঠনসমূহে বৰ্তমানৰ স্থিতি পৰ্যবেক্ষণ কৰিবলৈ গেৰুকামুখলৈ অহাৰ আহ্বান অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীৰ ৷

লগতে পঢ়ক:ৰাইজক পুনৰ কা আন্দোলনত অংশ লোৱাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ

Last Updated : Sep 13, 2022, 7:13 AM IST

ABOUT THE AUTHOR

...view details