অসম

assam

ETV Bharat / city

PPE kit scam: পি পি ই কীট কেলেংকাৰী সন্দৰ্ভত কি ক’লে লুৰীণজ্যোতি গগৈয়ে - ৰিণিকী ভূঞা শৰ্মা

চীনৰ পি পি ই কিট কেলেংকাৰীক লৈ ৰাজ্যত ব্যাপক চৰ্চা (PPE kit scam in Assam)। ক'ভিডৰ নামত হোৱা বিয়াগোম কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত বুলি অভিযোগ এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

AJP leader Lurin Jyoti Gogoi reacts on PPE kit scam
পি পি ই কীট কেলেংকাৰী সন্দৰ্ভত কি ক’লে লুৰীণজ্যোতি গগৈয়ে

By

Published : Jun 2, 2022, 9:21 PM IST

গুৱাহাটী,২ জুন: "কৰ'ণা মহামাৰীৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান ঘনিষ্ঠ ব্যৱসায়ীয়ে সন্দেহজনক উপায়েৰে কোটি কোটি টকা আহৰণ কৰি ধনী হৈছিল ৷" এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ । বৃহস্পতিবাৰে দলৰ গুৱাহাটীস্থ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত পি পি ই কীট কেলেংকাৰীক (PPE kit scam in Assam) লৈ সৰৱ হৈ পৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ (Lurin Jyoti Gogoi reacts on PPE kit scam) ।

সভাপতিগৰাকীৰ অভিযোগ অনুসৰি, ক'ভিডৰ সময়ত ৰিণিকী ভূঞা শৰ্মাৰ (Riniki Bhuyan Sarma) জে বি এছ ইণ্ডাষ্ট্ৰীজ আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঘনশ্যাম ধানুকাৰ মেডিটাইম হেল্থকেয়াৰ লিমিটেডে এন এইচ এমৰ পৰা স্বাভাৱিকতকৈ 65 শতাংশ অধিক দৰত পি পি ই কিট আৰু অন্য চিকিৎসা সামগ্ৰী ক্ৰয় কৰিছিল ।

পি পি ই কীট কেলেংকাৰী সন্দৰ্ভত কি ক’লে লুৰীণজ্যোতি গগৈয়ে

লগতে তেওঁ কয়," মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ ব্যক্তি জড়িত হৈ থকা কোম্পানীটোৱে অবৈধভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এন এইচ এমৰ পৰা পি পি ই কিট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰিছিল" ৷

উক্ত সামগ্ৰী বজাৰ দৰতকৈ বহু বেছি মূল্যত যোগান ধৰি কোম্পানীটোৱে অত্যাধিক মোনাফা আদায় কৰিছিল বুলি অভিযোগ উত্থাপন কৰে সভাপতিগৰাকীয়ে । দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান উপস্থিত থকা সংবাদ মেলখনৰ জৰিয়তে জাতীয় পৰিষদে ক'ভিডকালীন ব্যয়ৰ যাৱতীয় খৰচৰ হিচাপ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কোনোবা প্ৰতিষ্ঠানৰ দ্বাৰা কৰাবলৈ প্ৰধানমন্ত্ৰীক দাবী জনায় ।

লগতে তেওঁ কয়, "এন এইচ এমে ধনুকাৰ কোম্পানী জি আৰ ডি ফাৰ্মাচিউটিকেলছৰ পৰা 431 শতাংশ অধিক দামত চেনিটাইজাৰ ক্ৰয় কৰিছিল । ইফালে এন এইচ এমে 500 মিলি লিটাৰৰ চেনিটাইজাৰৰ বটল অনয় কোম্পানীৰ পৰা মাত্ৰ 94.40 টকা দৰত ক্ৰয় কৰিছিল যদিও সেই একেই ছেনিটাইজাৰ ধনুকাৰ কোম্পানীৰ পৰা ক্ৰয় কৰিছিল 231.87 টকা দৰত ।

সংবাদ মেলত লুৰীণজ্যোতি গগৈয়ে কয়, "অসমৰ ৰাইজক ক'ভিডৰ নামত পণবন্দী কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়াল আৰু তেওঁৰ অতি ঘনিষ্ঠ ধনুকা পৰিয়ালক মুনাফা লাভৰ সকলো সুবিধা কৰি দিয়া বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে ।"

লগতে পঢ়ক :চীনৰ পি পি ই কিট গ্ৰহণ কৰা নাছিল চৰকাৰে: পীযুষ হাজৰিকা

এজেপিয়ে ইতিপূৰ্বে পি পি কিট যোগানৰ বিপৰীতে হোৱা অনিয়ম আৰু ক'ভিড প্ৰতিৰোধৰ নামত হোৱা সকলো খৰচৰ তদন্ত কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা কৰোৱাৰ দাবীৰে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা বুলি তেওঁ সংবাদমেলত সদৰি কৰে । এইবাৰ চেনিটাইজাৰ যোগানৰ নামত নতুন কেলেংকাৰী পোহৰলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰীলৈ দলে পুনৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰি পূৰ্বৰ দাবী দোহাৰিব বুলিও লগতে তেওঁ কয় ।

ইয়াৰোপৰি তেওঁ কয়, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁলোকৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নাম জড়িত হৈ থকা আৰ বি ৰিয়েলটর্ছ নামৰ কোম্পানীটোৰ কলকাতাস্থিত এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে লেনদেন আছে, যাৰ সৈতে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ অলপতে গ্ৰেপ্তাৰ হোৱা মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ তথাকথিত অবৈধ লেনদেনৰ সম্পর্ক আছে । এই বিষয়টোও তদন্তৰ আওতালৈ আনিব লাগে বুলি তেওঁ সদৰি কৰে ।

লগতে পঢ়ক :চৰকাৰে চীনৰ পৰা কোনো পি পি ই কিট ক্ৰয় কৰা নাছিল: কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details