অসম

assam

ETV Bharat / city

চৰকাৰক শ্বেতপত্ৰ প্ৰকাশৰ দাবী অসম জাতীয় পৰিষদৰ - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা(Pradhan Mantri Kaushal Vikas Yojana), অসম দক্ষতা বিকাশ অভিযান(Assam Skill Development Mission) শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ পৰিষদৰ ৷ অসমৰ ১০০ শতাংশ চাকৰি স্থানীয় লোকৰ বাবে সংৰক্ষণ(Hundred percent job reservation for locals) কৰাৰ দাবী পৰিষদৰ ৷

AJP demands for 100 per cent job reservation
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

By

Published : Dec 24, 2021, 9:42 PM IST

গুৱাহাটী, ২৪ ডিচেম্বৰ : নিবনুৱাক চাকৰি দিবলৈ মাতি আনি অপমান কৰা অসম চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তুলিছে অসম জাতীয় পৰিষদে ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ(AJP President Lurinjyoti Gogoi)য়ে শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰি এই দাবী জনায় ৷ লুৰীণজ্যোতি গগৈয়ে সংবাদমেলত দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো পদত্যাগৰ দাবী কৰে ৷

গগৈৰ মতে, ব্যক্তিখত খণ্ডত চাকৰি দিবলৈ আচলতে চৰকাৰী উদ্যোগৰ প্ৰয়োজন নাই ৷ যিসমূহ কোম্পানী বা প্ৰতিষ্ঠানক চাকৰি দিবলৈ নিয়োগ মেলালৈ মাতি নিয়া হৈছে, সেইসমূহে আগৰে পৰাই নিজা নিজা উদ্যোগত প্ৰয়োজনীয় চাকৰি দিয়েই আছে৷ চৰকাৰে কৃতিত্ব তেতিয়াহে দাবী কৰিব পাৰিলেহেতেন যদিহে ৰাজ্যৰ বাহিৰৰ বা বৃহৎ কৰ্পোৰেট কোম্পানীক মাতি আনি অসমৰ নিবনুৱাক চাকৰি দিয়াব পাৰিলেহেতেন ৷ নিয়োগ মেলা পতাৰ নামত ৰাজহুৱা ধনৰ শৰাধ কৰি চমক সৃষ্টিৰ বাহিৰে চৰকাৰে আন একো কৰা নাই বুলি সদৰি কৰে পৰিষদৰ সভাপতিগৰাকীয়ে ৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

সংবাদমেলত গগৈয়ে লগতে কয় যে, চৰকাৰী নিয়োগ মেলা(Job Mela in Assam)ত হাজাৰ হাজাৰ নিবনুৱাৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে যে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে নিয়োগ সৃষ্টিৰ নামত কোটি কোটি টকা খৰচ কৰি থকা স্বত্বেও ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই ৷ আনহাতে নিবনুৱাক সংস্থাপনৰ বাট দেখুৱাবৰ বাবে কেইবা হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ৰূপায়ন কৰি থকা প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোঁজনা আচনি আৰু অসম দক্ষতা বিকাশ অভিযান শোচনীয়ভাৱে ব্যৰ্থ হৈছে ৷ গতিকে উক্ত আঁচনি আৰু অভিযানৰ নামত এতিয়ালৈকে কিমান টকা খৰচ কৰা হ’ল, কোন প্ৰতিষ্ঠানক কিমান টকা আদায় বা অৱন্টন দিয়া হ’ল, উক্ত আঁচনিৰ অধীনত কিমান নিবনুৱাক প্ৰশিক্ষণ প্ৰদান কৰা হ’ল আৰু তাৰে কিমান সংখ্যক সংস্থাপিত হ’ল এই সমগ্ৰ তথ্য সম্বলিত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ গগৈয়ে দাবী উত্থাপন কৰে ৷

তেওঁ আৰু কয় যে, নিয়োগ মেলাৰ ব্যৰ্থতাই প্ৰমাণ কৰিলে যে নিবনুৱা যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধি আৰু সংস্থাপনৰ নামত যোৱা ৭ বছৰৰো অধিক সময় কেন্দ্ৰীয় আৰু অসম চৰকাৰে উক্ত আঁচনি ৰূপায়নৰ নামত কেৱল নাটকহে কৰি আহিছে । অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে । বৰ্তমান সেই বগা হাতী সদৃশ বিভাগক ৰাজ্য চৰকাৰে একলাখ চাকৰি দিয়াৰ ভুৱা প্ৰতিশ্ৰুতি ঢাকিবৰ বাবে ব্যৱহাৰ কৰি বাৰুকৈয়ে মুখ থেকেচা খাইছে । এনে ধৰণৰ নাটক কৰি সহজ সৰল অসমীয়া ৰাইজক আভুৱা ভাৰিবলৈ চৰকাৰে কোটি কোটি ৰাজহুৱা ধনৰ শৰাধ কৰি আহিছে ।

লুৰিণে আকৌ কয় য়ে, অসমৰ মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ ২০ জুলাইৰ দিনা অসম বিধানসভাৰ বাজেট অধিৱেশনত ‘গণি গণি এক লাখ চাকৰি দিম’ বুলি কৰা ঘোষণালৈ আঙুলিয়াই দি জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে বিজেপি দলে বিগত বিধানসভা নিৰ্বাচনৰ দলীয় ইস্তাহাৰত পাঁচ বছৰত দুই লাখ আৰু ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ তদুপৰি পাঁচ বছৰত ব্যক্তিগত খণ্ডত ৮ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও ইস্তাহাৰত উল্লেখ কৰাৰ প্ৰসংগ উনুকিয়াই গগৈয়ে কয় যে, উক্ত প্ৰতিশ্ৰুতি মৰ্মে এতিয়ালৈকে চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডত চৰকাৰে কিমান চাকৰি দিলে সেয়া আমি দাবী কৰা শ্বেতপত্ৰখনত বৰ্ণনা কৰক ৷

চাকৰিপ্ৰাৰ্থীৰ ‘বায়োডাটা’ক আপমান কৰাৰ দৰে দুৰ্ভগ্যজনক ঘটনা সংঘটিত হোৱাটো লজ্জাজনক বুলি উল্লেখ কৰি গগৈয়ে কয় যে, নিজৰ বায়োডাটাখনৰ সৈতে শিক্ষিত যুৱক-যুৱতীসকলৰ আৱেগ জড়িত থাকে ৷ তেওঁলোকৰ সেই আৱেগক অপমান কৰাটো অক্ষমণীয় অপৰাধ ৷ উক্ত অপৰাধ কৰি অসমৰ ২০ লক্ষাধিক পঞ্জীকৃত নিবনুৱাক অপমান কৰা চৰকাৰখনৰ মুৰব্বীগৰাকীয়ে সেই কাৰণেই ক্ষমা খুজিব লাগে আৰু ব্যৰ্থ বিভাগটোৰ মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগে ৷

গগৈয়ে লগতে কয় যে, নিয়োগ মেলা অনুষ্ঠিত কৰাৰ অন্তৰালত সঁচাকৈয়ে নিবনুৱাক সকাহ দিয়া নে কিছুমান ইভেন্ট মেনেজমেন্ট কোম্পানী বা প্ৰতিষ্ঠানক ধনী কৰা সেইটোও বিচাৰ্য বিষয় ৷ নিয়োগ মেলা অনুষ্ঠিত কৰাত কোনকেইটা ইভেন্ট মেনেজমেন্ট কোম্পানীক দায়িত্ব দিয়া হৈছিল আৰু তাৰ মালিক কোন সেই তথ্যও ৰাজহুৱা কৰিবলৈ গগৈয়ে দাবী জনায় ৷ তেওঁ লগতে অসমৰ চৰকাৰী খণ্ডৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ আৰু ব্যক্তিগত খণ্ডৰ সকলো চাকৰিত স্থানীয় যুৱক-যুৱতীৰ বাবে সংৰক্ষণ কৰাৰ অৰ্থে আইন প্ৰণয়ন কৰিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক :নিয়োগ মেলাত বেমেজালি: মন্ত্ৰী চন্দ্ৰমোহনৰ নিৰ্দেশত নিলম্বিত দুই বিষয়া

ABOUT THE AUTHOR

...view details