অসম

assam

ETV Bharat / city

ৰাজ্যজুৰি জাতীয় গৰ্জন কাৰ্যসূচী ঘোষণা অসম জাতীয় পৰিষদৰ - শংকৰদেৱ কলাক্ষেত্ৰ

বিজেপিৰ ঐতিহাসিক বিশ্বাসঘাটকতা আৰু প্ৰতাৰণাৰ প্ৰতিবাদত ১৪ ছেপ্তেম্বৰত প্ৰতিখন জিলাৰ সদৰত জাতীয় গৰ্জন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । আনহাতে, ১৭ ছেপ্তেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰলৈকে সপ্তাহজোৰা জাতীয় চেতনা সভা অনুষ্ঠিত কৰা হয় । ৰাজ্যৰ গাঁৱে-ভূঞে তথা পঞ্চায়তে পঞ্চায়তে সজাগতা আৰু প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ'ব । ‘কা’ বাতিল কৰি অসম চুক্তিৰ ৫ নং আৰু ৬ নং দফা পূৰ্ণ ৰূপায়ন কৰি অসমীয়া মানুহৰ ভাষিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰি সাংবিধানিক সুৰক্ষাকৱচ প্ৰদানৰ দাবীত এই আন্দোলন ।

ajp announces protest movement all over the state
ৰাজ্যজুৰি AJP ৰ গৰ্জন

By

Published : Sep 8, 2021, 7:24 AM IST

গুৱাহাটী,8 ছেপ্তেম্বৰ :নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ ৰ বিৰোধীতাকে অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতি কৰা অৱহেলা আৰু বিজেপিৰ ঐতিহাসিক বিশ্বাসঘাটকতা আৰু প্ৰতাৰণাৰ প্ৰতিবাদত পুনৰ এবাৰ ৰাজ্যজুৰি আন্দোলন ঘোষণা কৰিছে অসম জাতীয় পৰিষদে (AJP)। মঙলবাৰে এই কথা সদৰি কৰে দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে । গুৱাহাটীৰ কলাক্ষেত্ৰত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয়- ‘‘বিজেপিয়ে ‘কা’ প্ৰয়োগ কৰি অসম চুক্তিৰ আত্মাস্বৰূপ ৫ নম্বৰ দফাক সম্পূৰ্ণ নস্যাৎ কৰিছে ।

লগতে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে পৰামৰ্শদাতা সমিতিয়ে দিয়া পৰামৰ্শ মঙলবাৰে ১ বছৰ ৭ মাহ ধৰি পেলাই থোৱা কাৰ্যকো এক ঐতিহাসিক বিশ্বাসঘাটকতা ।’’ তেওঁ কয় যে, ‘অসমত ১৯৯১ চনত ৫৭.৮১ শতাংশ আৰু ২০১১ চনত ৪৭ শতাংশলৈ হ্ৰাস পাইছে অসমীয়াভাষী মানুহৰ সংখ্যা । যদি এইদৰে থাকে তেন্তে ২০৩১ চনত এই সংখ্যা ৩৭ শতাংশলৈ অৱনমিত হ’ব আৰু অসমত অসমীয়া সংখ্যালঘুত পৰিণত হ’ব ।

লগতে পঢ়ক:অসম চুক্তিৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত চৰকাৰৰ সৈতে আছুৰ বৈঠক

‘কা’ বাতিল কৰি অসম চুক্তিৰ ৫ নং আৰু ৬ নং দফা পূৰ্ণ ৰূপায়ন কৰি অসমীয়া মানুহৰ ভাষিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰি সাংবিধানিক সুৰক্ষাকৱচ প্ৰদানৰ দাবীত এই আন্দোলন ঘোষণা কৰা হৈছে ।

সেই অনুসৰি ১৪ ছেপ্তেম্বৰত প্ৰতিখন জিলাৰ সদৰত জাতীয় গৰ্জন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । আনহাতে, ১৭ ছেপ্তেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰলৈকে সপ্তাহজোৰা জাতীয় চেতনা সভা অনুষ্ঠিত কৰা হয় । ৰাজ্যৰ গাঁৱে-ভূঞে তথা পঞ্চায়তে পঞ্চায়তে সজাগতা আৰু প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ'ব ।'

লগতে পঢ়ক:ট্ৰিপ্ৰা এজেপিৰ মিত্ৰতা : উত্তৰ-পূৱৰ আঞ্চলিক ৰাজনীতিত নতুন চমক লুৰীণৰ

ABOUT THE AUTHOR

...view details