অসম

assam

ETV Bharat / city

হৰ্ছ ট্ৰেডিঙ : জয়পুৰত আবদ্ধ এ আই ইউ ডি এফৰ 22 গৰাকী বিধায়ক প্ৰত্যাশী

By

Published : Apr 9, 2021, 3:19 PM IST

Updated : Apr 9, 2021, 7:43 PM IST

aiudf leaders in jaipur
জয়পুৰত আবদ্ধ এ আই ইউ ডি এফৰ 22 গৰাকী বিধায়ক প্ৰত্যাশী

15:10 April 09

জয়পুৰত উপস্থিত এ আই ইউ ডি এফৰ 22 গৰাকী বিধায়ক প্ৰত্যাশী ৷ হোটেল ফেয়াৰমন্টত আবদ্ধ কৰা হৈছে বিধায়ক কেইগৰাকীক ৷ দলটোত আছে পূৰ্বৰ কেইবাগৰাকী বিধায়ক ৷ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে বিধায়ক প্ৰত্যাশী সকলক জয়পুৰলৈ প্ৰেৰণ কৰাত তীব্ৰ চৰ্চা ৷ দলটোত মহেশ যোশীৰ লগতে আছে ৰফিক খান ৷

নিউজ ডেস্ক, 9 এপ্ৰিল: অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে হৰ্ছ ট্ৰেডিঙক লৈ তীব্ৰ চৰ্চা চলি থকাৰ মাজতে এআইইউডিএফৰ বিধায়ক প্ৰত্যাশী সকলক ৰাজস্থানৰ আজমেৰত আৱদ্ধ কৰাক লৈ ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগা পৰিলক্ষিত হৈছে ৷ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ঠিক আগমুহূৰ্তত কংগ্ৰেছে মহাজোঁটৰ সহযোগী এ আই ইউ ডি এফ ৰ সকলো বিধায়ক প্ৰত্যাশী নেতাক জয়পুৰৰ হোটেল ফেয়াৰমন্টত আৱদ্ধ কৰাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলক বিমানেৰে জয়পুৰলৈ লৈ যোৱা হয় ৷ মূলতঃ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ প্ৰাকমুহূৰ্তত নেতাৰ বেচা কিনা প্ৰতিহত কৰিবৰ বাবে কংগ্ৰেছে সহযোগী দল এ আই ইউ ডি এফৰ বিধায়ক প্ৰত্যাশী সকলক এনেদৰে স্থানান্তৰ কৰা আৰম্ভ কৰিছে বুলি আশংকা কৰা হৈছে ৷  

জানিব পৰা মতে, 2 মে' ত নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত জয়পুৰতে এ আই ইউ ডি এফ ৰ বিধায়ক সকল আৱদ্ধ হৈ থাকিব ৷ এই সমগ্ৰ দায়িত্ব মুখ্যমন্ত্ৰী অশোক গেহলটে মহেশ যোশীক দিয়া বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছেও দলৰ বিধায়ক প্ৰত্যাশী সকলক স্থানান্তৰ কৰাৰ সম্ভাৱনা থকাৰ লগতে কেৰালাৰ বিধায়ক প্ৰত্যাশী সকলকো স্থানান্তৰ কৰা হ'ব বুলি আশংকা কৰা হৈছে ৷

অৱশ্যে এই সমগ্ৰ প্ৰক্ৰিয়াক এতিয়াও গোপনে ৰখা হৈছে ৷ জানিব পৰা মতে ইণ্ডিগ' বিমানৰ সহযোগেৰে সকলো বিধায়ক প্ৰত্যাশীক সম্পূৰ্ণ গোপনীয়ভাৱে জয়পুৰলৈ লৈ যোৱাৰ লগতে তেওঁলোকক হোটেল ফেয়াৰমন্টত আৱদ্ধ কৰি ৰখা হয় ৷ মুঠ 22 গৰাকী বিধায়ক প্ৰত্যাশীক জয়পুৰত আৱদ্ধ কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ এই সকলৰ ভিতৰত পূৰ্বৰো কেইবাগৰাকী বিধায়ক আছে বুলি জানিব পৰা গৈছে ৷  

জয়পুৰত উপস্থিত হোৱা বিধায়ক সকলৰ ভিতৰত সুহানা  ৰহমান, আচমা খাতুন, চামচুল হুদা, হাফিজ বছিৰ আহমেদ, মিনাক্ষী ৰহমান, মহম্মদ আব্দুল্লাহ আমীন ৰেজা, নিজানুৰ ৰহমান, ফনীধৰ তালুকদাৰ, ৰাজীৱ আহমেদ, আমিনুল ইছলাম, ৰফিকুল ইছলাম, চুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, নজৰুল হক, আশ্ৰাফুল হুছেইন, কৰিমুদ্দিন বৰভূঞা, নুৰুল হুদা, জাকিৰ হুছেইন লস্কৰৰ লগতে এআইইউডিএফৰ বহুকেইগৰাকী নেতা আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:সঁচাকৈয়ে এ আই ইউ ডি এফ নেতাৰ সৈতে যোগাযোগ কৰিছে নেকি বিজেপি নেতাই ?

Last Updated : Apr 9, 2021, 7:43 PM IST

ABOUT THE AUTHOR

...view details