গুৱাহাটী, 28 ছেপ্তেম্বৰ: ৰাজ্যত এতিয়া ক্ৰমে তীব্ৰতৰ হৈছে উপনিৰ্বাচন কেন্দ্ৰীক ৰাজনীতি ৷ বৰ্তমান উপনিৰ্বাচনৰ বাবে নিজ নিজ ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত ৰাজ্যৰ সকলো ৰাজনৈতিক দল ৷ দু্ৰ্গা পূজাৰ পাছতে 4টা সমষ্টিত অনুষ্ঠিত হব লগা উপনিৰ্বাচন বাবে শনিবাৰে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে এ আই ইউ ডি এফে ৷ উপনিৰ্বাচনত কেৱল জনীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে ৷ জনীয়া সমষ্টিৰ বাবে দলটোৱে প্ৰাক্তন বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক ডঃ হাফিজ ৰফিকুল ইছলামৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৷
উপনিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা - এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ তালিকা
কেৱল জনীয়া সমষ্টিত হে প্ৰতিদ্বন্দ্বিতা কৰিব বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন দলটোৱে ৷
উপনিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা
শনিবাৰে দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে এ আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে ৷ ইফালে সংবাদমেল যোগে আগন্তুক উপনিৰ্বাচনত ৰাইজক বিবেক ভোট দিবলৈও আহ্বান জনাই বিধায়ক আমিনুল ইছলামে ৷
উল্লেখযোগ্য যে চাৰিটাকৈ বিধানসভা সমষ্টিত মূল যুজঁ শাসকীয় দল বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব যদিও এই যুজঁখন বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফ দলে অধিক আকৰ্ষণীয় কৰি তোলাৰ সম্ভাবনা নুই কৰিব নোৱাৰি ।