অসম

assam

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল

By

Published : Nov 2, 2020, 1:40 PM IST

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজিৰে পৰা 30 নৱেম্বৰলৈকে প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি কৰি দিছে এই অনলাইন ব্যৱস্থা ৷

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল

গুৱাহাটী, 2 নৱেম্বৰ : উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীসকলৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মুকলি কৰে এক পৰ্টেলৰ । 2021 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে আজিৰে পৰা অহা 30 নৱেম্বৰলৈকে সক্ৰিয় কৰা হৈছে অনলাইন ব্যৱস্থা । যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব । অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে https://www.ahsec.nic.in/c.nic.in/ ৱেবছাইটত গৈ প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব । 30 নৱেম্বৰৰ বিয়লি 5 বজা পৰ্যন্ত প্ৰ-পত্ৰ পূৰণ কৰিব পৰা যাব । এমাহৰ ভিতৰত প্ৰ-পত্ৰ পূৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে । নিৰ্দিষ্ট সময়ৰ পিছত কোনো কাৰণতে সময়সীমা বৃদ্ধি কৰা নহয় বুলি জানিবলৈ দিয়ে বৰঠাকুৰে ।

ABOUT THE AUTHOR

...view details