গুৱাহাটী, 20 ফেব্ৰুৱাৰী :আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰে অসম কেবিনেটে গ্ৰহণ কৰিছে কেতবোৰ সিদ্ধান্ত ৷ সেই সমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে ক্ষুদ্ৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত ৷ ইয়াৰ জৰিয়তে চাহ শ্ৰমিকৰ মন জয় কৰাৰ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে ৷
চাহ শ্ৰমিকসকলৰ মজুৰি 167 টকাৰ পৰিৱৰ্তে 217 টকালৈ বৃদ্ধি কৰিছে কেবিনেটে ৷ লগতে মুখ্য সচিব জে. বি. এক্কাৰ নেতৃত্বত এজনীয়া কমিটী গঠনেৰে ৰাজ্যৰ সৰু চাহ বাগিছাসমূহৰ শ্ৰমিকসকলৰ সম মজুৰি নিশ্চিত কৰাৰ দায়িত্ব অৰ্পন কৰিছে ৷
উল্লেখ্য যে, বহু পূৰ্বৰ পৰাই অসমৰ চাহ শ্ৰমিক সকলে মজুৰি 350 টকালৈ বৃদ্ধি কৰিবৰ বাবে দাবী জনাই আহিছে ৷ লগতে তেওঁলোকক অনুসূচিত জনজাতিৰ (ST) মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে ৷ এই মৰ্যাদা দেশৰ অন্য ৰাজ্যৰ চাহ জনজাতি লোকসকলে বহু পূৰ্বৰ পৰাই লাভ কৰি আহিছে ৷
চাহ বাগান (ডাঙৰ) ৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কেবিনেটৰ সিদ্ধান্তই লাভাম্বিত কৰিব 10 লাখ চাহ শ্ৰমিকক ৷ এই লোকসকল ৰাজ্যৰ 800 ডাঙৰ আৰু মধ্যমীয়া চাহ বাগিছাত কৰ্মৰত ৷
লগতে পঢ়ক :মানৱীয়তাৰ খাতিৰত QUIPPO ৰ দুই বিষয়াক মুক্তি দিয়ক: মুখ্যমন্ত্ৰী সোণোৱাল