গুৱাহাটী, ২৫ অক্টোবৰ: দিপাৱলীৰ প্ৰাকমূহুৰ্তত মহানগৰ উপায়ুক্তৰ সংবাদমেল ৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে শুকুৰবাৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা ক্ষেত্ৰত কয় যে,
''দীপাৱলী হ'ল পোহৰৰ উৎসৱ। জিলাখনৰ বাসিন্দাসকলে আতচবাজিৰ পৰা দূৰত থাকিব লাগে। উচ্চতম ন্যায়ালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশ অনুসৰি দীপাৱলীত ৰাইজে নিশা ৮-১০ বজালৈ ফটকা ফুটাব পাৰিব যদিও উচ্চস্বৰৰ ফটকা ফুটাব নোৱাৰিব। তাৰোপৰি জিলা প্ৰশাসনে নিৰ্ধাৰিত কৰা স্থানসমূহতহে ফটকা বিক্ৰী কৰিব পাৰিব। জিলা প্ৰশাসনে চাৰিটাকৈ টাস্ক ফৰ্চ গঠন কৰিছে। এই দলকেইটাই ফটকা বিক্ৰী কৰা আৰু ফুটুৱা সন্দৰ্ভত তীক্ষ্ন নজৰ ৰাখিব। লগতে চাইনীজ ফটকা বিক্ৰী কৰাৰ ক্ষেত্ৰতো কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। ইফালে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে পশু-পক্ষীসকলৰ বাবেও যাতে হানিকাৰক নহয়। জি এছ ৰোডৰ একাংশ ঠাইত বহু ঘন চিৰিকা আছে। সেই পক্ষীসকলৰ যাতে একো অনিষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে সকলোৱে পৰিৱেশ বিনষ্ট নোহোৱাকৈ দীপাৱলী উপভোগ কৰে। ''