অসম

assam

Agriculture scam resumes: পুনৰ খোল খাইছে কংগ্রেছৰ আমোলত সংঘটিত 100 কোটিটকীয়া কৃষি কেলেংকাৰীৰ তদন্ত

By

Published : Jan 29, 2022, 10:39 PM IST

Updated : Jan 29, 2022, 10:55 PM IST

সাতবছৰ পিছত পুনৰ তদন্তৰ আওতালৈ কংগ্ৰেছৰ আমোলত সংঘটিত এশ কোটিটকীয়া কৃষি কেলেংকাৰী (Agriculture scam resumes) ৷ শনিবাৰে CIDয়ে 2014 চনত সংঘটিত এই বৃহৎ কেলেংকাৰীত জড়িত 26 গৰাকী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে 6 খন অভিযোগনামা দাখিল কৰে ।

restart-agriculture-scam-during-cong-ruling
পুনৰ খোল খাইছে কংগ্রেছৰ আমোলত সংঘটিত 100 কোটিটকীয়া কৃষি কেলেংকাৰীৰ তদন্ত

গুৱাহাটী, 29 জানুৱাৰী : পুনৰ তদন্ত আৰম্ভ হৈছে কংগ্ৰেছৰ আমোলত সংঘটিত এশ কোটিটকীয়া কৃষি কেলেংকাৰীৰ (Agriculture scam resumes) ৷ প্ৰায় 7 টা বছৰ নীৰৱ হৈ থকাৰ পাছত হঠাৎ অসম আৰক্ষীৰ অপৰাধ অনিসন্ধান শাখা (চি আই ডি) য়ে তৎপৰ হৈ পৰিছে । সেই সময়ত ৰাজ্যৰ কৃষি মন্ত্ৰী আছিল নীলমণি সেন ডেকা । দৰিদ্ৰ কৃষকক পাৱাৰ টিলাৰ, পাম্প ছেট দিয়া আৰু ৱেৰ হাউচ নিৰ্মাণৰ নামত কৃষি বিভাগত সংঘটিত হৈছিল এই কোটিটকীয়া কেংলেকাৰী (Agriculture scam resumes during Congress rolling)।

উল্লেখ্য যে, কংগ্ৰেছৰ আমোলত 2014 চনত কৃষি বিভাগত সংঘটিত হৈছিল এশ কোটিটকীয়া বৃহৎ কেলেংকাৰী (100 crore agriculture scam in Assam) ৷ এই বৃহৎ কেলেংকাৰী সন্দৰ্ভত চি আই ডিয়ে তদন্ত আৰম্ভ কৰিছিল ৷ চি আই ডিৰ তদন্তকাৰী দল এটাই নীলমণি সেন ডেকাৰ পুত্ৰৰ ঘৰত পৰিত্যক্ত অৱস্থাত বহু সংখ্যক পাৱাৰ টিলাৰ উদ্ধাৰ কৰিছিল । পিছত হঠাৎ এই কেলেংকাৰীৰ তদন্ত বন্ধ হৈ পৰিছিল । তথ্য অনুসৰি কংগ্ৰেছৰ আমোলত 2010-11 চনৰ পৰা 2014 চনলৈ কৃষি বিভাগত এই এশ কোটিটকীয়া কেলংকাৰী সংঘটিত হৈছিল ৷

এই এশ কোটি টকীয়া বৃহৎ কেলেংকাৰীত কৃষি বিভাগৰ 70 গৰাকী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । পৰৱৰ্তী সময়ত এই সকলো বিষয়া কৰ্মচাৰী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল । পিছে শনিবাৰে হঠাৎ চি আই ডিৰ এটা দলে এই কেলেংকাৰীৰ বহু নথি পত্ৰ থকা 60 টা বাকচ বিশেষ ন্যায়াধীশৰ ন্যায়ালয়লৈ আনে ৷ লগতে এই বৃহৎ কেলেংকাৰীৰ সৈতে সাঙোৰ খাই থকা কৃষি বিভাগৰ 26 গৰাকী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে 6 খন অভিযোগনামা দাখিল কৰে ।

লগতে পঢ়ক :Assam Meghalaya border dispute : পুনৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্রী

Last Updated : Jan 29, 2022, 10:55 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details