অসম

assam

ETV Bharat / city

তিনি দিনীয়া কাৰ্যসূচীৰে খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা - পশু চিকিৎসা বিভাগ

মহানগৰীৰ খানাপাৰা পশুধন পাম খেলপথাৰত সোমবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে পশুধন আৰু হাঁহ কুকুৰা মেলা। কৃষিৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক উৎসাহিত কৰা লক্ষৰে আয়োজন কৰা হৈছে এই মেলা।

agricultur meeting held at guwahati-khanapara
খানাপাৰাত তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে পশুধন আৰু হাঁহ-কুকুৰা মেলা

By

Published : Feb 9, 2021, 8:46 AM IST

গুৱাহাটী,9 ফেব্ৰুৱাৰী:গুৱাহাটীৰ খানাপাৰাস্থিত পশুধন পাম খেলপথাৰত সোমবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে পশুধন আৰু হাঁহ কুকুৰা মেলা । পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত অনুষ্ঠিত হোৱা মেলাখন আনুষ্ঠানিক ভাৱে মুকলি কৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী।

খানাপাৰাত তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে পশুধন আৰু হাঁহ-কুকুৰা মেলা

সুদীৰ্ঘ ২০ বছৰৰ মূৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা হৈছে এই মেলাখন । কৃষিৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক উৎসাহিত কৰা লক্ষৰে আয়োজন কৰা হৈছে এই মেলা । উল্লেখ্য যে, এই ২০১৯ বর্ষত ৰাষ্ট্ৰীয় ভিত্তিত পশুপালন আৰু পশু চিকিৎসা বিভাগে অনুষ্ঠিত কৰিছিল পশুধন আৰু হাঁহ কুকুৰা মেলা । বুধবাৰলৈকে অনুষ্ঠিত হ'ব লগা মেলাখনৰ উদ্বোধনী অনুষ্ঠানত পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উচ্চ পদস্থ বিষয়া সকলো উপস্থিত থাকে ।

সোমবাৰৰ পৰা আয়োজিত পশু ধন নিগমৰ এই মেলা উদ্বোধন কৰি মন্ত্ৰী বৰাই কয়, পূৰ্বৰ বছৰসমূহত এনে মেলা আয়োজন কৰি আমি উপকৃত হৈছোঁ। এইবাৰো যথেষ্ট খেতিয়কে অংশগ্ৰহণ কৰিছে'।

অসমৰ অৰ্থনীতিত কৃষি আৰু কৃষকৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰিলে অনুষ্ঠানত উপস্থিত থকা আমন্ত্ৰিত অতিথি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে। কৃষি খণ্ডক অধিক গুৰুত্ব প্ৰদান কৰি কৃষক সকলৰ স্বাৰ্থত চৰকাৰে গ্ৰহণ কৰা বিশেষ প্ৰদক্ষেপৰ কথাও ব্যক্ত কৰে গোস্বামীয়ে ।

লগতে পঢ়ক-ৰাজ্যত অব্যাহত ছিণ্ডিকেটৰাজ আৰু গুণ্ডাকৰ !

ABOUT THE AUTHOR

...view details