নিউজ ডেস্ক, 19 জুলাই: ফেচবুকত হকে বিহকে পোষ্ট দি সততে বিতৰ্কৰ সৃষ্টি কৰি থকাৰ লগতে নিজকে চিকিৎসা শাস্ত্ৰৰ আচাৰ্য বুলি দাবী কৰি অহা পংকজ পাঠকক এইবাৰ দলৰ পৰাও অব্যাহতি দিলে অসম গণ পৰিষদে (AGP expelled Pankaj Pathak from party) ৷ অৱশ্যে এই স্বয়ম্ভূ আচাৰ্যগৰাকী দলটোৰ কোনো বিষয়বাবত নাছিল ৷ সাধাৰণ সদস্য ৰূপেহে জড়িত হৈ আছিল অগপত ৷ কিন্তু তেওঁৰ শেহতীয়া কেতবোৰ কাম-কাজে দলটোকো অস্বস্তিত পেলোৱাত মঙলবাৰে অগপৰ অনুশাসন সমিতিয়ে তেওঁক দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি দিয়ে ৷
মনকৰিবলগীয়া যে, কিছুদিন পূৰ্বে "আপ"ৰ একাংশ সদস্যই অগপত যোগদান কৰিছিল ৷ সেই সময়ত সেইসকল লোকৰ সৈতে একেলগে পংকজ পাঠকেও যোগ দিছিল অগপত ৷ পংকজ পাঠকৰ বিৰুদ্ধে শেহতীয়াকৈ সৰব হৈ পৰিছে অসম ৰাজ্যিক মহিলা আয়োগ ৷ এইবাৰ নিজাববীয়াকৈ অসম ৰাজ্যিক মহিলা আয়োগে পংকজ পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (FIR Against Pankaj Pathak) ৷
কেৱল ৰাজ্যিক মহিলা আয়োগেই নহয়, শেহতীয়াকৈ সামাজিক মাধ্যমত মহিলা সম্পৰ্কে বিতৰ্কিত মন্তব্যৰে বান্দৰ কেকোঁৱাৰ গুড়ি বিক্ৰীৰ প্ৰচাৰ চলোৱা পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ ।
উল্লেখ্য যে, নিজকে আয়ুৰ্বেদৰ চিকিৎসক বুলি দাবী কৰা পংকজ পাঠকে কিছুদিন পূৰ্বে সামাজিক মাধ্যমত কৰিছিল কটু মন্তব্য (Pankaj Pathak obscene comments against women) ৷ আনকি চুটি কাপোৰ পিন্ধি ৰীলৰ ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিছিল এইগৰাকী স্বয়ংভূ চিকিৎসকে । লগতে এই ঔষধ ক’ত উপলদ্ধ হ’ব, তাকো বৰ্ণনা কৰিছিল পংকজ পাঠকে ৷