অসম

assam

ETV Bharat / city

নতুন বছৰত 25 লাখ সদস্যভৰ্তিৰ লক্ষ্য অগপৰ

নতুন বৰ্ষৰ প্ৰাকক্ষণত অগপৰ মুখ্য কাৰ্যালয়ত দলটোৰ শীৰ্ষ নেতৃত্বৰে সাংবাদিকৰ মত-বিনিময় অনুষ্ঠান (Interactive session in AGP office) ৷ অনুষ্ঠানত আগন্তুক বৰ্ষৰ বাবে দলটোৰ নেতৃত্বই গ্ৰহণ কৰা কাৰ্যপন্থা সদৰি কৰে অগপ সভাপতি অতুল বৰাই ৷

agp-aims-to-enroll-25-lakh-members-in-the-year-2022
নতুন বছৰত 25 লাখ সদস্যভুক্তিৰ লক্ষ্য অগপৰ

By

Published : Dec 30, 2021, 8:17 PM IST

গুৱাহাটী, 30 ডিচেম্বৰ :অগপই নতুন বছৰত 25 লাখ জন সদস্য অন্তৰ্ভুক্তি কৰিব(AGP aims to enroll 25 lakh members) আৰু বিহুৰ পিছৰ পৰা সদস্যভুক্তিৰ কাম আৰম্ভ হ'ব । অগপৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়(AGP office in Guwahati)ত বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰাই এই কথা সদৰি কৰে । তেওঁ লগতে জনায় যে আগন্তুক পৌৰ নিগম, পৌৰসভা আৰু স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বিজেপিৰ লগত মিত্ৰতাৰে হ'ব ।

অগপৰ সভাপতিগৰাকীয়ে অগপ দলক অধিক ৰাইজৰ মাজলৈ নিয়াৰ বাবে পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ মহিলা, ছাত্ৰ আৰু যুৱকক লৈ দলটো আগবঢ়াই নিয়াৰ কথাও ব্যক্ত কৰে । অসম চুক্তি ৰূপায়ণ(Implementation of Assam Accord)ৰ বাবেও পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে অগপৰ সভাপতি অতুল বৰাই ৷ ইয়াৰ লগতে কৃষি বাণিজ্যিক, পশুপালন আৰু দুগ্ধ উৎপাদনত অধিক গুৰুত্ব দিয়াৰ কথা তেওঁ জানিবলৈ দিয়ে ।

নতুন বছৰত 25 লাখ সদস্যভুক্তিৰ লক্ষ্য অগপৰ

অগপৰ সভাপতিগৰাকীয়ে ৰাজ্যত দৈনিক 10 লাখ নিযুত লিটাৰ দুগ্ধ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা সদৰি কৰে । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্ত অ’মিক্ৰণৰ বাবে সাৱধানতা লোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ যোৰহাটৰ পৰীক্ষাগাৰত পৰীক্ষণৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে । জি এম চি এইচতো লাহে লাহে পৰীক্ষণৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে । আনহাতে, অসমত 3 জানুৱাৰীৰ পৰা 15 বছৰ বয়সৰ পৰা 18 বছৰৰ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদানৰ কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ অনুষ্ঠানত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত থাকে ।

লগতে পঢ়ক :আছুক দেখি বেৰিকেড পাৰ হৈ খৰখেদাকৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা

ABOUT THE AUTHOR

...view details