গুৱাহাটী, ১১ ছেপ্টেম্বৰ:ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Palash Changmai comments on Victor Das) ৷ ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰি অন্যায়-অবিচাৰ-দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা সকলক চৰকাৰে সহযোগ কৰিব লাগে বুলি মন্তব্য কৰে ৷
কেৱল মাত্ৰ ভিক্টৰ দাসেই নহয় বহু লোকে চছিয়েল মিডিয়াত প্ৰকাশ কৰিছে যে একাংশ দালাল শ্ৰেণীৰ মানুহে অসৎ পন্থা অৱলম্বন কৰি ধনৰ বিনিময়ত চাকৰি দিব বিচাৰিছে । পূৰ্বেও অসমত নিযুক্তিবোৰত দুৰ্নীতি হৈছিল বুলি সদৰী কৰে সম্পাদকগৰাকীয়ে ৷ লগতে সমাজত দালাল শ্ৰেণীৰ মানুহ এতিয়াও কমি যোৱা নাই বুলি উল্লেখ কৰি গোটেই বিষয়টো সুক্ষ্মভাৱে বিশ্লেষণ কৰি তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে ৷