গুৱাহাটী, 13 ডিচেম্বৰ :পুনৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমানক (ADC Saibur Rahman arrested)। ভূমি আৱন্টন কেলেংকাৰীৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ চাইবুৰ । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ০৭/২১ নম্বৰত ৰুজু হৈ থকা গোচৰটোত পুনৰ গ্ৰেপ্তাৰ কৰে চাইবুৰ ৰহমানক (CM vigilance arrested ADC Saibur Rahman)। কাৰাগাৰতে গ্ৰেপ্তাৰ কৰিলে চাইবুৰক । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তিনিদিনৰ জিম্মাত লৈছে চাইবুৰক । একেটা গোচৰতে ইতিমধ্যে গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আছে অতিৰিক্ত উপায়ুক্ত বিক্ৰম আদিত্য বৰা ।
আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অসম অসামৰিক সেৱাৰ বিষয়া চাইবুৰ ৰহমানক (Case against Saibur Rahman)। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বিষয়াজনৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত অসামঞ্জস্যপূৰ্ণ সম্পদ সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । ২০০২ চনৰ ২৩ জুনৰ পৰা ২০২১ চনৰ ৪ এপ্ৰিলৰ এই সময়চোৱাৰ আয় আৰু সম্পত্তি অনুসন্ধানৰ সময়ত চাইবুৰ ৰহমানৰ নিজৰ নামত তথা তেওঁৰ দুই পত্নীৰ নামত ৮৯ টা স্থাৱৰ সম্পত্তিৰ পঞ্জীয়ন দেখা গৈছিল । যাৰ মূল্য ১০০ কোটিৰো অধিক ।