গুৱাহাটী, 11 নৱেম্বৰ : বৰঝাৰৰ বিমানবন্দৰ লীজত লৈয়ে আদানি গ্ৰুপে আৰম্ভ কৰিছে মইমতালি । আদানি গ্ৰুপে ড্ৰেছ ক’ডৰ নামত জাৰি কৰিছে কিছুমান অদ্ভূত নিৰ্দেশ । গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ নিজৰ অধীনলৈ যোৱাৰ পাছত এতিয়া মইমতালি আৰম্ভ কৰিছে আদানি গ্ৰুপে ।
বিমান বন্দৰটোৰ নামক লৈ চলি থকা বিতৰ্কৰ পাছতে এইবাৰ অসমীয়া জীয়ৰী-মহিলাক অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে আদানি গ্ৰুপে । কিছুদিনৰ পূৰ্বে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ লীজত লোৱা আদানি গ্ৰুপৰ পৃষ্ঠপোষকতাত শেহতীয়াকৈ দিয়া নিৰ্দেশনাই চূড়ান্ত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
আদানি গ্ৰুপৰ অধীনত কাম কৰা 'প্ৰণাম' নামৰ প্ৰতিষ্ঠানটোৱে ড্ৰেছ ক’ডৰ নামত জাৰি কৰিছে কিছুমান অদ্ভূত নিৰ্দেশ । প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা কোৱা হৈছে যে কোনো মহিলা কৰ্মচাৰীয়ে মেখেলা-চাদৰ পিন্ধিব নোৱাৰিব । ইয়াৰ বিপৰীতে কৰ্তৃপক্ষই চুটি স্কাৰ্ট, ফ্ৰক পিন্ধিবলৈ এক প্ৰকাৰৰ নিৰ্দেশ দিছে যুৱতী-মহিলা কৰ্মচাৰীসকলক । আনকি আনে দেখাকৈ শিৰত ল’ব নোৱাৰিব হিন্দু বিবাহিত মহিলাৰ স্বাভিমানৰ প্ৰতীক সেন্দুৰকণ ।