নিউজ ডেস্ক, 15 মাৰ্চ : চাঞ্চল্যকৰ গাড়ীগাঁও দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ (accused of garigaon gang rape arrested) ৷ কামৰূপ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকি আলীক ৷ দামপুৰ পাহাৰত আত্মগোপন কৰি আছিল বিকি আলীয়ে ৷ জালুকবাৰী থানালৈ অনা হৈছে বিকি আলীক ৷ বৰ্তমানেও পলাতক হৈ আছে বাকী চাৰি অভিযুক্ত ৷
পাঁচ যুৱকে মিলি দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল এগৰাকী কিশোৰীক (Guwahati gang rape news) ৷ কেৱল ধৰ্ষণ কৰাই নহয়, সমস্ত ঘটনাৰ ভিডিঅ’ কৰি আপলোড দিছিল ছ’চিয়েল মিডিয়াত ৷ বিকি আলী নামৰ যুৱকজনে ফুচুলাই লৈ গৈছিল দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক (Gang rape in Assam capital city) ৷ এটা বন্ধ কোঠাত বন্ধুৰ সৈতে মিলি ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক ৷ তাৰ পাচত পুনৰ এখন হোটেললৈ নি পাঁচ বন্ধুৰ সৈতে মিলি কিশোৰী গৰাকীক ধৰ্ষণ কৰে ৷