গুৱাহাটী, ২২ জুলাই : চিআইডি(CID)ৰ গোচৰত জামিন লাভ কৰিলে অসম লোকসেৱা আয়োগৰ বিয়াগোম নিযুক্তি কেলেংকাৰীৰ অন্যতম নায়ক ৰাকেশ পালে । বৃহস্পতিবাৰে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা চাকৰিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰা ৰাকেশ পালক চিআইডি(CID)ৰ গোচৰত জামিন মঞ্জুৰ কৰে । সোণ কুমাৰ বৈশ্য নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত চিআইডি(CID)য়ে পালৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল । চৰকাৰী চাকৰি প্ৰদানৰ নামত ৰাকেশ পালে বৃহৎ পৰিমাণৰ ধন লোৱা বুলি অভিযোগ কৰিছিল সোণ কুমাৰ বৈশ্যই ।
সেই গোচৰতে জামিন পাইছে এপিএছচি কেলেংকাৰীৰ নায়ক ৰাকেশ পালে ৷ উল্লেখ্য যে, দুটা চৰ্তত ৰাকেশ পালক জামিন মঞ্জুৰ কৰিছে আদালতে ৷ প্ৰথমটো চৰ্ত হৈছে ৰাকেশ পালে পাছপ’ৰ্ট আদালতত জমা দিব লাগিব ৷ দ্বিতীয়টো চৰ্ত হৈছে কোনো কাৰণতে কামৰূপ (ম) জিলা এৰিব নোৱাৰিব পালে ৷