অসম

assam

ETV Bharat / city

121 কোটি টকীয়া কেলেংকাৰীত অভিযুক্ত গৌতম বৰুৱা গুৱাহাটীত - দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ

অসম গৃহ নিৰ্মাণ শ্ৰমিক আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক উন্নয়ন পৰিষদৰ 121 কোটি টকীয়া কেলেংকাৰীত অভিযুক্ত ব্যৱসায়ী গৌতম বৰুৱাক বুধবাৰে গুৱাহাটীলৈ লৈ অনা হয় ৷ ইতিমধ্যে মঙলবাৰে নতুন দিল্লীৰ আদালতত হাজিৰ কৰোৱা হৈছিল গৌতম বৰুৱাক ৷ বিগত 2 বছৰৰ অন্তত 5 দিন ধৰি মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ বিষয়াই নতুন দিল্লীত বাহৰ পাতি দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত সফদৰজং এলেকাৰ কৃষ্ণ নগৰৰ নৰ্থ ইষ্ট গোষ্ঠী হাউছৰ পৰা গ্ৰেপ্তাৰ কৰে গৌতম বৰুৱাক ৷

121 কোটি টকীয়া কেলেংকাৰীত অভিযুক্ত ব্যৱসায়ী গৌতম বৰুৱা
121 কোটি টকীয়া কেলেংকাৰীত অভিযুক্ত ব্যৱসায়ী গৌতম বৰুৱা

By

Published : Feb 26, 2020, 5:20 PM IST

গুৱাহাটী, 26 ফেব্ৰুৱাৰীঃঅসম গৃহ নিৰ্মাণ শ্ৰমিক আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক উন্নয়ন পৰিষদৰ 121 কোটি টকীয়া কেলেংকাৰীঅভিযুক্ত ব্যৱসায়ী গৌতম বৰুৱাক বুধবাৰে কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ অনা হয় গুৱাহাটীলৈ । ইতিমধ্যে মঙলবাৰে নতুন দিল্লীৰ আদালতত হাজিৰকৰোৱা হৈছিল গৌতম বৰুৱাক ৷

2011 চনৰ পৰা অসম গৃহ নিৰ্মাণ শ্ৰমিক আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক উন্নয়ন পৰিষদত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ সমস্ত তথ্য মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ শ্ৰম আয়ুক্ত তপন শৰ্মাৰ নেতৃত্বত2017 চনত পোহৰলৈ আহে ৷ ইয়াৰ পিছত শ্ৰম আয়ুক্ত তপন শৰ্মাৰ অভিযোগৰ ভিত্তিত বিভাগটোৰ অধ্যক্ষ তথা ব্যৱসায়ী গৌতম বৰুৱা, সদস্য সচিব শ্ৰম আয়ুক্ত ভাৰতীয় প্ৰশাসনিক বিষয়া চৌহান দলেক গ্ৰেপ্তাৰ কৰা হয় ৷

উল্লেখ্য যে, গৌতম বৰুৱা আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া চৌহান দলে শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লিফলেট আৰু বুকলেট দিয়াৰ বাবে M/S পুৰ্বাশ্ৰী প্ৰিন্টিং হাউছৰ স্বতাধিকাৰী প্ৰিয়াংসু বৈৰাগীক ঠিকা দিছিল যদিও ছপা নহ’ল লিফলেট আৰু বুকলেট ৷ তথ্য অনুসৰি, ভাৰতীয় প্ৰশাসনিক বিষয়া চৌহান দলে, ব্যৱসায়ী গৌতম বৰুৱা, প্ৰিয়াংসু বৈৰাগীয়ে লুণ্ঠন কৰিছিল 121 কোটি টকা ৷ মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ তদন্তৰ পিছত তদানীন্তন শ্ৰম আয়ুক্ত চৌহান দলে, প্ৰশাসনিক বিষয়া নগেন্দ্ৰ নাথ চৌধুৰী, প্ৰিয়াংসু বৈৰাগীক গ্ৰেপ্তাৰ কৰা হয়, কিন্তু গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰে গৌতম বৰুৱাই ৷ 2018 চনত বিশেষ আদালতে গৌতম বৰুৱাক পলাতক ঘোষণা কৰে ৷ অৱশেষত 2 বছৰৰ অন্তত বিগত 5 দিন ধৰি মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ বিষয়াই নতুন দিল্লীত বাহৰ পাতি দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত সফদৰজং এলেকাৰ কৃষ্ণ নগৰৰ নৰ্থ ইষ্ট গোষ্ঠী হাউছৰ পৰা গ্ৰেপ্তাৰ কৰে গৌতম বৰুৱাক ৷

121 কোটি টকীয়া কেলেংকাৰীত অভিযুক্ত গৌতম বৰুৱা গুৱাহাটীত

লগতে পঢ়কঃনিৰাপত্তা বাহিনীৰ নাটনি হিংসা বিয়পোৱাৰ মুল কাৰণঃদিল্লী আৰক্ষী

ABOUT THE AUTHOR

...view details