গুৱাহাটী, ১৯ ডিচেম্বৰ :মাজুলীৰ ক্ৰিকেট খেলুৱৈসকলৰ বাবে সুখবৰ । মাজুলী জিলাক অসম ক্রিকেট সন্থাৰ জিলাত অন্তৰ্ভুক্ত কৰা হৈছে(ACA includes Majuli in member districts ) । দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাৰ ষ্টেডিয়ামত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে অসম ক্ৰিকেট সন্থা(Assam Cricket Association)ৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই । অসম ক্রিকেট সন্থাৰ সাধাৰণ পৰিষদৰ বৈঠকত মাজুলীক অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত জিলা হিচাপে ঘোষণা কৰাৰ লগতে আন কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হয় ।
সংবাদমেলত শইকীয়াই কয় যে, এতিয়াৰে পৰা মাজুলীৰ খেলুৱৈসকলে নিজৰ জিলাৰ বাবে খেলিব পাৰিব । সাধাৰণ পৰিষদৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, অসম ক্রিকেট সন্থাৰ পৰা আঁতৰি যোৱা প্ৰাক্তন খেলুৱৈ, বিষয়ববীয়া সকলক ঘূৰাই অনাৰ বাবে '৯১ য়াৰ্ডছ' নামৰ ক্লাৱ হাউচ কৰা হৈছে । এই নতুন ৯১ য়াৰ্ডছ ক্লাৱত প্রাক্তন খেলুৱৈ, প্রশিক্ষক, অসম ক্ৰিকেট সন্থাৰে জড়িত প্রাক্তন বিষয়া-কৰ্মচাৰী অন্তৰ্ভুক্ত হ’ব ।