অসম

assam

ETV Bharat / city

মহানগৰীত এবিভিপিৰ উদ্যোগত গালৱান ভেলীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী - ভাৰতীয় স্থলসেনা

চীন আৰু ভাৰতৰ মাজৰ সীমা বিবাদৰ পৰিনতিত শ্বহীদ হোৱা 20 গৰাকী ভাৰতীয় সৈনিকক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷

মহানগৰীত এবিভিপিৰ উদ্যোগত গালৱান ভেলীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী
মহানগৰীত এবিভিপিৰ উদ্যোগত গালৱান ভেলীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী

By

Published : Jun 18, 2020, 3:55 AM IST

গুৱাহাটী, 17 জুন : চীন আৰু ভাৰতৰ সীমা বিবাদত প্ৰাণ হেৰুওৱা 20জন সৈনিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম ৰাজ্যিক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷ গুৱাহাটী মহানগৰ শাখাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এইদৰে শ্বহীদক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । মহানগৰীৰ লাচিত নগৰত বুধবাৰে 20 গৰাকী শ্বহীদক বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণৰে শ্ৰদ্ধাঞ্জলী প্ৰদান কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগতে সাধাৰণ জনতাই ।

মহানগৰীত এবিভিপিৰ উদ্যোগত গালৱান ভেলীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাসে কয় যে, কোনো কাৰণত চীনক জয়ী হ'বলৈ নিদিয়ে লগতে চীনে ৰঙা চকু দেখুৱাই কেতিয়াও ভাৰতবৰ্ষক হেয় প্ৰতিপন্ন কৰিব নোৱাৰে সেইবাবে দেশে পদক্ষেপ হাতত ল'ব । চীনা সামগ্ৰী ভাৰতবৰ্ষৰ ৰাইজে বৰ্জন দিব লাগে আৰু লগতে সীমান্তত চীনা সৈন্যক ভাৰতীয় সৈন্যই প্ৰত্যুত্তৰ দিব লাগে বুলি দৃঢ়তাৰে জনালে ৰাকেশ দাসে ৷

লগতে পঢ়কঃগালৱান ভেলীৰ পৰা সৈনিক প্ৰত্যাহাৰ ভাৰত-চীনৰ

ABOUT THE AUTHOR

...view details