অসম

assam

ETV Bharat / city

লক ডাউনঃ ৰাজ্যত জব্দ ১৫ হাজাৰতকৈও অধিক আইন ভংগকাৰী বাহন, গ্ৰেপ্তাৰ ১,৯০৬ গৰাকী লোক - তলাবন্ধৰ এই সময়

সোমবাৰ পৰ্যন্ত আৰক্ষীয়ে ৰাজ্যত জব্দ কৰিছে ১৫,৫৫১ খন আইন ভংগকাৰী বাহন। আইন ভংগকাৰীৰ বাহন সমূহৰ পৰা আৰক্ষীয়ে সংগ্ৰহ কৰিছে ৮০,৮৮,৪০০ টকাৰ জৰিমনা। আনহাতে ১,৯০৬ গৰাকী আইন ভংগকাৰীক লোকক গ্ৰেপ্তাৰ কৰি পঞ্জীয়ন কৰিছে ১০৪৩ টাকৈ গোচৰ।

above-15-thousand-vechile-detained-during-lockdown
লক ডাউনঃ ৰাজ্যত জব্দ ১৫ হাজাৰতকৈও অধিক আইন ভংগকাৰী বাহন, গ্ৰেপ্তাৰ ১,৯০৬ গৰাকী লোক

By

Published : Apr 21, 2020, 1:55 PM IST

গুৱাহাটী, 21 এপ্ৰিল : বিশ্বজুৰি মাৰাত্মক ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ চৰকাৰে যোৱা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশতে ঘোষণা কৰিছে তলাবন্ধ । অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে চৰকাৰে বাধা প্ৰদান কৰিছে ৰাজপথত সকলো বাহনৰ চলাচলত । অসমতো তলাবন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে যদিও বহু ক্ষেত্ৰত অত্যাৱশ্যকীয় সেৱাৰ জড়িত নথকা বাহন সমুহ তলাবন্ধৰ আইন ভংগ কৰি ওলাই আহিছে ৰাজপথ সমূহত । এই ক্ষেত্ৰত ৰাজ্যৰ আৰক্ষী প্ৰশাসন অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে । তলাবন্ধ ঘোষণাৰ প্ৰথম দিনৰে পৰা সোমবাৰ পৰ্যন্ত অসম আৰক্ষীয়ে তলাবন্ধ আইন ভংগকাৰী সকলৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সংগ্ৰহ কৰিছে ৮০,৮৮,৪০০ টকা জৰিমনা । ইয়াৰ সমান্তৰালে আৰক্ষীয়ে ১,৯০৬ গৰাকী আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে ১৫,৫৫১ খন বাহন। আৰক্ষীয়ে তলাবন্ধৰ এই সময়ত বৰ্তমানলৈকে ১৪১২৪ খন দুচকীয়া বাহন, ১৫৭ খন তিনি চকীয়া বাহন, ১২৪৫ খন চাৰি চকীয়া বাহন, ১৩ খন ট্ৰাক, ১ খন ট্ৰেইলাৰ, ৮ খন ট্ৰেক্টৰ, ২ খন জে চি বি, ১ খন পকলেণ্ড, ১৫ খন দেশী নাও আৰু ৫ খন যন্ত্ৰ চালিত নাও জব্দ কৰিছে । আনহাতে তলাবন্ধৰ সময়ত আইন ভংগৰ ১০৪৩ টাকৈ গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে ।

লক ডাউনঃ ৰাজ্যত জব্দ ১৫ হাজাৰতকৈও অধিক আইন ভংগকাৰী বাহন, গ্ৰেপ্তাৰ ১,৯০৬ গৰাকী লোক

তলাবন্ধৰ এই সময়ত বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান লোকে ভুৱা বাতৰি প্ৰচাৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে । ভুৱা বাতৰি প্ৰচাৰৰ লগত জড়িত লোকৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে । সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰক লৈ ৮৫ টাকৈ গোচৰ ৰুজু কৰি আৰক্ষীয়ে এই পৰ্যন্ত ৪৬ গৰাকীকৈ লোকক ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে ১২ গৰাকী লোকে জামিনত মুক্তি লাভ কৰিছে ।

লগতে পঢ়ক :লক ডাউনৰ সুবিধা লৈ গোলাঘাটত মূল্যবৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ

ABOUT THE AUTHOR

...view details