অসম

assam

ক'ৰণা আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ অভিজিৎ শৰ্মাৰ বিস্ফোৰণ

By

Published : Jul 1, 2020, 6:25 PM IST

মহামাৰী ক'ৰণাক লৈ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, সাম্প্ৰতিক পৰিস্থিতিত হৈ থকা ক'ভিড আতংক, লকডাউন আদিৰ বাবে বিগত কিছু দিন ধৰি ৰাজ্যখনত চলি থকা কেতবোৰ বিয়াগোম বিসংগতি সম্পৰ্কত আমি মুখ খোলা নাছিলো । কিন্তু আমি অনুধাৱন কৰিছো কথাবোৰ এতিয়াই ৰাইজৰ দৃষ্টিগোচৰ নকৰিলে বহু পলম হ'ব ।

abhijit-sharma-reaction-on-corona
ক'ৰণা আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ অভিজিৎ শৰ্মাৰ বিস্ফোৰণ

গুৱাহাটী, ১জুলাই: এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই শেহতীয়াকৈ ৰাজ্যত সংঘটিত নানানটা বিয়াগোম দুৰ্নীতিৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ তথা ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগেৰে অঙুলি তুলিলে বহুজনলৈ । মহামাৰী ক'ৰণাক লৈ ৰাইজ আতংকিত হৈ থকাৰ সময়তে অসম চৰকাৰৰ বিভিন্ন বিভাগত বিয়াগোম দুর্নীতিৰে অলেখ কাম পুর্ণোদ্যমে চলিব ধৰিছে । সঁচা অৰ্থত কবলৈ গ'লে দুগুণ উৎসাহেৰেহে এতিয়া চলিছে দুৰ্নীতি । এনে ভাব হৈছে যেন মহামাৰী ক'ৰণাৰ সুযোগ লৈ এচাম বিষয়া-ঠিকাদাৰৰ দুর্নীতিৰ কেলেংকাৰীয়ে আন এক নতুন অধ্যায়ৰ সুচনা কৰিছে। এইদৰে কয় এপিডব্লিউৰ সভাপতিজনে ।

এপিডব্লিউৰ সভাপতিজনে উল্লেখ কৰে যে, অসমৰ সাম্প্ৰতিক পৰিস্থিতিত "হঠাৎ পেট্রিয়ট" হৈ পৰিছে একাংশ ঠিকাদাৰ । পূৰ্বে অসমত হোৱা দুৰ্নীতিৰ ইতিহাসত এক নজিৰবিহীন দুর্নীতিৰে নিজৰ নাম জিলিকাই ৰখা কেইজনমান ঠিকাদাৰ বৰ্তমানৰ ক'ৰণাৰ প্ৰেক্ষাপটত সাংঘাটিক অসমপ্রেমী হৈ পৰা পৰিলক্ষিত হৈছে । ক'ভিড-১৯ৰ সংক্ৰমণ তথা আক্ৰমণৰ পৰা সৰ্বসাধাৰণক উদ্ধাৰৰ বাবে সৰ্বত্ৰে লক ডাউন হৈ থকাৰ সময়তে ৰাজকোষৰ পৰা কৌটি কৌটি টকা উলিয়াই নিবলৈ সক্ষম হোৱা এই ঠিকাদাৰ সমূহে ক'ৰণাৰ যুঁজখনৰ বাবে আকৌ লুণ্ঠনৰ ধনৰ পৰাই চৰকাৰক কোটি টকা দান দিছে । তাৰ ভিতৰত কোনোবাজন ধানুকা, কোনোবাজন আকৌ জৈন, কোনো আকৌ টেণ্ট হাউছৰ ব্যৱসায়ী । সেইদৰেই কোনো দাস, শৰ্মা, দত্ত । এইসকল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে অকল্পনীয় হাৰৰ বৰঙণিৰে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে । বৰঙণিৰ পৰিমাণ দেখি এতিয়া এচাম হৈ পৰিছে এইসকলৰ ভক্ত ।

ক'ৰণা আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ অভিজিৎ শৰ্মাৰ বিস্ফোৰণ

অভিজিত শৰ্মাৰ প্ৰশ্ন , "এই কাহিনী শুনিবলৈ যিমান সহজ অথবা সৰল লাগিছে, প্ৰকৃততেই এয়া সহজ নতুবা সৰল নে ? অসমৰ সাধাৰণ জনতাৰ সন্মুখলৈ ওলাই আহি বিপদৰ ত্রাণকর্তাৰ ভুমিকাত অভিনয় হৈ এইকেইজন মুষ্টিমেয় তেজপিয়াই কোনো প্রভাবশালী মন্ত্রীৰ ঘনিষ্ঠ হোৱাৰ সুযোগতে অসমত কেনেকৈ লুণ্ঠন চলাইছে, তাক লৈ অসমৰ ৰাইজ কিমান সচেতন ? এনে ঠিকাদাৰে দান বৰঙনিৰে দি মহান হোৱাৰ নাটক আৰু ভূ-মাফিয়াই বিহু অথবা পূজাত এটা মোটা বৰঙণি আগবঢ়াই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত ফুলাম গামোচা পিন্ধা নাটকখনো একেই । অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এন এইচ এমত নিম্ন মানদণ্ডৰ ঔষধ যোগান ধৰিও একমাত্ৰ মন্ত্রীৰ ঘণিষ্ঠ হোৱাৰ সুবাদতেই ব্লেকলিষ্টেড হোৱাৰ পৰা ৰক্ষা পৰে কোনোবা ধানুকা । এতিয়া ৰাজ্যৰ ৰাজকোষৰ ধন লুণ্ঠন কৰা ধানুকাহঁতে এতিয়া দান চটিয়াই অসমৰ ইতিহাসত আন এক লাচিত হ'বলৈ বৃথা চেষ্টা চলাইছে। টেণ্ট আৰু খাদ্যৰ যোগানৰ নামত মাফিয়াগিৰি কৰা কোনোবাটো ঠিকাদাৰ আকৌ হ'বলৈ বিচাৰিছে ক'ভিডৰ বিৰুদ্ধে চলা ৰণখনৰ সন্মুখৰ ৰণুৱা"।

ৰাজ্যৰ মুখ্যমন্ত্ৰী এই বিষয় সম্পৰ্কে কিমান জ্ঞাত? যদিহে জ্ঞাত তেন্তে কিয় মনে মনে আছে মুখ্যমন্ত্ৰীগৰাকী? আৰু যদি বিষয়টো লৈ অজ্ঞাত তেনেহলে প্ৰকৃততে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰি আছে কি ? মুখ্যমন্ত্ৰীলৈ এই পোনপটীয়া প্ৰশ্ন অভিজিৎ শৰ্মাৰ।

ক'ৰণা আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ অভিজিৎ শৰ্মাৰ বিস্ফোৰণ

অভিজিত শৰ্মাৰ এক গুৰুতৰ অভিযোগ , ক'ৰণাৰ আতংকৰ নামত ৰাইজক ঘৰত তলা বন্ধ কৰি ৰাখি, দিছপুৰত সাধাৰণ জনতাৰ প্রৱেশ নিষিদ্ধ কৰি বচা বচা এচাম ঠিকাদাৰক ধন মুকলি কৰি দিয়া হ'ল । সেইকেইজন ঠিকাদাৰেই ক'ভিড যুদ্ধত মুক্ত হস্তে দান আগবঢ়ালে । আনহে নালাগে যুদ্ধকালীন ভাবে পি পি ই কিট চীনৰ পৰা অনা হ'ল। যুদ্ধকালীন প্রস্তুতিৰে ইয়াতো সেইকেইজনেই ঠিকাদাৰ, যিসকলে কৌটি কৌটি টকাৰ দুই নম্বৰী ঔষধ যোগান দি ব্লেকলিষ্টেড হোৱাৰ পৰা একমাত্ৰ ৰাজনৈতিক প্রভাবত হাত সাৰি আহিছিল । অৱশ্যে চীনৰ পৰা অনা পি পি ই কিটক লৈ দম্ভ দেখুৱাইছিল, পাছলৈ ভূলক্ৰমেও তেওঁলোকৰ মুখত সেই পি পি ই কিটৰ নাম নুশুনা হ'লো ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি অভিজিৎ শৰ্মাই ক'লে, আজি কোনো এখন বাতৰি কাকত মেলিব নোৱাৰা অৱস্থা । এনে লাগে যেন চৰকাৰৰ কোনো যেন অস্তিত্বই নাই । ক'ৰণাৰ ভয়াবহতা যদিহে শীঘ্ৰেই ম্লান হয় আৰু নিৰ্বাচন সঠিক সময়ত হয় তেনেহলে আপোনাৰ হাতত এটা বছৰো নায় । সেয়েহে সঠিক সিদ্ধান্তৰে এটা ভাল পদক্ষেপ গ্ৰহণ কৰক , নহ'লে আগন্তুক নির্বাচনত আপোনাৰ কাৰ্যকালৰ দুর্নীতিও বিৰোধীৰ বাবে হ'ব এটা প্ৰধান ইছ্যু ।

লগতে পঢ়ক :সৰুক্ষেত্ৰীৰ বান পৰিস্থিতি পৰিদৰ্শন জিলা পৰিষদৰ সদস্যৰ

ABOUT THE AUTHOR

...view details