গুৱাহাটী, 22 জানুৱাৰী : অসম-মেঘালয় সীমান্তৰ ছটা বিবদমান এলেকা (Disputed areas in Assam Meghalaya border) সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় গৃহমন্ত্রীক বৃহস্পতিবাৰে সাক্ষাৎ কৰি প্ৰস্তাৱ দাখিল কৰে । প্ৰস্তাৱ সন্দৰ্ভত দিল্লীয়ে মোহৰ মাৰিলে দুয়োখন ৰাজ্যৰ ছটা বিবদমান এলেকাৰ বিবাদ মীমাংসা হ'ব বুলি আশা কৰা হৈছে ।
দুয়োখন ৰাজ্যৰ এই পদক্ষেপৰ সময়তে আছুকে ধৰি পাঁচটা জাতীয় আৰু জনজাতীয় সংগঠনৰ নেতৃত্বই বিবদমান এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ চৰকাৰলৈ প্ৰেৰণ কৰিব প্ৰতিবেদন (AASU to visit Assam Meghalaya's disputed border areas) ৷
এই সন্দৰ্ভত শুকুৰবাৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (AASU chief adviser Dr Samujjal Kumar Bhattacharjya) ই সংবাদ মাধ্যমৰ আগত কয় যে, আছুকে ধৰি নিখিল বড়ো ছাত্র সন্থা, নিখিল ৰাভা ছাত্র সন্থা, সদৌ অসম গোৰ্খা ছাত্র সন্থা আৰু সদৌ অসম গাৰো ছাত্র সন্থাই নেতৃত্ব শীঘ্ৰেই বিবাদমান এলেকাসমূহলৈ যাব ।