অসম

assam

ETV Bharat / city

লতাশিলত অব্যাহত আছে আছুৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ লগতে সাধাৰণ জনতাই অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ লতাশিলত দ্বিতীয় দিনাৰ সত্যাগ্ৰহ কাৰ্যসূচীত সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰে ৷

অংশ ল'লে হাজাৰোধিক প্ৰতিবাদকাৰীয়ে
আছুৰ গণ সত্যাগ্ৰহ

By

Published : Dec 17, 2019, 5:25 PM IST

গুৱাহাটী, 17 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে অব্যাহত আছে আছুৰ লগতে অসমৰ জনসাধাৰণৰ ব্যাপক প্ৰতিবাদ ৷ সোমবাৰৰ পৰা লতাশিলত আৰম্ভ হোৱা গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ দ্বিতীয় দিনা হাজাৰ হাজাৰ জনতাই অংশগ্ৰহণ কৰে । এই গণ সত্যাগ্ৰহত অংশ লয় আছুৰ লগতে বহু সংখ্যক শিল্পী তথা সাহিত্যিকে ।

আছুৰ গণ সত্যাগ্ৰহ

গণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰাসকলে মন্তব্য কৰে যে, এই জাতিধ্বংসী আইন কোনো কাৰণতে মানি লোৱা নহ'ব ৷ সেয়েহে মহাত্মা গান্ধীৰ আদৰ্শৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জানিবলৈ দিয়ে অংশগ্ৰহণকাৰীসকলে ৷ ইয়াৰ লগতে চৰকাৰৰ বিৰুদ্ধেও উপস্থিত প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে ।

আৰু পঢ়ক : ডিফুত আছুৰ গণ সত্যাগ্ৰহ

ABOUT THE AUTHOR

...view details