গুৱাহাটী, 9 ফেব্ৰুৱাৰীঃনাগৰিকত্ব সংশোধনী আইনৰ বিচাৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ত চলি থকাৰ মাজতে শনিবাৰে শ্বহীদ ন্যাসৰ পৰা বাহিৰল কৰা হয় এক প্ৰতিবাদী জোঁৰ সমদল । সকলো প্ৰতিবাদকাৰীৰ এটাই দাবী কোনো কাৰণত মানি লোৱা নহ’ব নাগৰিকত্ব সংশোধনী আইন । শ্বহীদ ন্যাসৰ পৰা চানমাৰিলৈ হোৱা এই জোঁৰ সমদলত সমুজ্জল কুমাৰ ভট্টাচাৰ্যকে ধৰি উপস্থিত থাকে বিভিন্ন দল সংগঠনৰ লোক ।
চানমাৰিত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ ‘কা’ বিৰোধী আন্দোলন - নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ জনগোষ্ঠীয় সংগঠন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিল্পী সমাজৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ ৰাজ্যত কমিলেও এই সংশোধনী আইনৰ বিৰুদ্ধে জনতাৰ গৰ্জন স্থবিৰ হৈ পৰা নাই পুনৰ তাকেই প্ৰমাণ কৰিলে এই প্ৰতিবাদে।
![চানমাৰিত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ ‘কা’ বিৰোধী আন্দোলন অব্যাহত আছে ‘কা’ বিৰোধী আন্দোলন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6008843-910-6008843-1581187545982.jpg)
এই প্ৰতিবাদৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নাগৰিকত্ব সংশোধনী আইন আৰু অসম চুক্তিৰ সন্দৰ্ভত মুকলি ৰাজহুৱা বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনায় ৰাজ্য চৰকাৰক । ইয়াৰ লগতে শিল্পী সমাজক প্ৰতিনিধিত্ব কৰা অৰুণ হাজৰিকাই কয়, যেতিয়ালৈকে ‘কা’ বাতিল কৰা নহয় অসমৰ ৰাইজে ক্ষান্ত হৈ বহি নাথাকে ।
উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখি অসমৰ জনতাই বৰ্তমান প্ৰতিবাদ গণতান্ত্ৰিক ভাৱে শান্তিপূৰ্ণ ভাৱে কৰি আছে যদিও অনাগত দিনত ন্যায়ালয়ৰ ৰায়দানৰ পাচত হে পৰিৱৰ্তি পৰস্থিতি কি ৰূপ ল’ব লক্ষ্যণীয় হ’ব ৷ কাৰণ প্ৰতিবাদ কমিলেও কা বিৰোধী লোকৰ সংখ্যা এতিয়াও কমা নাই ।
- লগতে চাওক- কাকপথাৰত CAA বাতিলৰ দাবীত শহস্ৰাধিক ৰাইজৰ উপস্থিতিত'গণ গৰ্জন' কাৰ্যসূচী