গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে আছুসহ উত্তৰ পূবৰ ৩০টা সংগঠনৰ ঐক্যবদ্ধ সংবাদমেল অনুষ্ঠিত হৈ যায় গুৱাহাটীত ।
মহানগৰীত আছু-নেছ'ৰ সংবাদমেল - আছু
নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বৃহস্পতিবাৰে মহানগৰীত সংবাদমেল সম্বোধন কৰে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই ।
আছুৰ সংবাদমেল
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ, ৰাজনৈতিক দল আৰু জাতীয় সংগঠনসমূহক ধন্যবাদ জ্ঞাপন কৰে আছুৰ উপদেষ্টাগৰাকীয়ে । আনহাতে চৰকাৰৰ জাতিবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে অনাগত দিনত ইয়াতকৈয়ো অধিক জোৰদাৰ সংগ্ৰাম চলাই নিয়া হ'ব বুলি উল্লেখ কৰে ভট্টাচাৰ্যই ।