গুৱাহাটী, ২২ এপ্ৰিল: সুদীৰ্ঘ ৯ বছৰৰ অন্তত শুকুৰবাৰে অনুষ্ঠিত হ’ল বহু চৰ্চিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন । ৫৭ টা ৱাৰ্ডৰ ৭৫৭ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান । কেন্দ্ৰ সমূহত ভোট প্ৰদান কৰা নাগৰিকৰ সংখ্যা সেৰেঙা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে, মহানগৰীৰ ৩৬ নং ৱাৰ্ডৰ দক্ষিণ শৰণীয়া এলপি স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (Samujjal Bhattacharjya's reaction after casting vote in GMC election )।
ভোট প্ৰদান কৰি তেওঁ কয় যে, গুৱাহাটীৰ নাগৰিকৰ বহু আশা আছে সেয়ে, ৰাস্তা ঘাট, নলা-নৰ্দমা ভাল হোৱাৰ লগতে যান-জঁটৰ সমস্যা নোহোৱা কৰা, ২৪ ঘন্টাই মহানগৰবাসীক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব লাগে । তদুপৰি নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে (Safety issue of Guwahati people) । গুৱাহাটীবাসীৰ নিৰাপত্তাৰ কথাৰে তেওঁ কয়, এতিয়া নিৰাপত্তাৰ দিশত এটা প্ৰশ্নবোধক চিহ্ন আহিছে ।